পাঁচ বছৰীয়া নবালিকাৰ স্বাস্থ্য পৰীক্ষাত যৌন নিৰ্যাতনৰ প্ৰমাণ , পাৰ্লৰ বিৰুদ্ধে বিবৃতি জাৰি

navbharat times 1

পাঁচ বছৰীয়া নবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে টেলিভিছন অভিনেতা পাৰ্ল ভি পুৰী ।শুকুৰবাৰে মুম্বাই আৰক্ষীৰ ডিচিপি সঞ্জয় পেটেলে কয় যে ,আদালতে পাৰ্লৰ জামিনৰ আবেদন খাৰিজ কৰিছে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১৫ জুনত হ’ব। শনিবাৰে নবালিকাগৰাকীৰ পিতৃৰ আইনজীৱীয়ে জনালে যে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাত যৌন নিৰ্যাতনৰ প্ৰমাণ পোৱা গৈছে।

তেওঁ এটা বিবৃতি জাৰি কৰিছিল। য’ত কোৱা হৈছে যে নাবালিকাগৰাকীয়ে নিজেই অভিযুক্তজনক চিনাক্ত কৰিছিল। তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত নিৰ্যাতনৰ প্ৰমাণো পোৱা গৈছে ।

চাৰি জুনত মুম্বাই আৰক্ষীয়ে ‘নাগিন’ ধাৰাবাহিক খ্যাত অভিনেতাজনক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ) ধাৰা আৰু পকচো (শিশুৰ যৌন নিৰ্যাতন)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

পাৰ্লক গ্ৰেপ্তাৰ কৰাৰ পাছতে হিন্দী দূৰদৰ্শন উদ্যোগৰ তাৰকাসকলে সামাজিক মাধ্যমত অভিনেতাজনৰ পক্ষত ৰায় দিবলৈ আৰম্ভ কৰে।

প্ৰযোজক একতা কাপুৰেও জনায় যে, তেওঁ নাবালিকাগৰাকী মাতৃৰ স’তে কথা পাতিছে । তেওঁৰ মাতৃয়ে কয় যে, পাৰ্ল নিৰ্দোষী আৰু তেওঁৰ স্বামীয়ে পাৰ্লক ঘটনাটোত জড়িত কৰিব বিচাৰিছে । তথ্য অনুসৰি নাবালিকাগৰাকীৰ মাতৃ আৰু পিতৃ বহু বছৰ আগতে মুম্বাইৰ টেলিপাৰাত পৃথক হৈছিল।

Exit mobile version