হাউলীৰ মৈৰামাৰা নমাটি সত্ৰৰ শ্মশানৰ বেদখল ভূমি পৰিদৰ্শন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

WhatsApp Image 2021 06 13 at 6.55.12 PM

হাউলীত মৈৰামাৰা নমাটি সত্ৰৰ শ্মশানৰ বেদখল মাটি আজি পৰিদৰ্শন কৰে ৰণজিত কুমাৰ দাসে । শ্মশানৰ নামত থকা বেদখল হোৱা ভূমিৰ বুজ লবলৈ শ্মশানঘাটত উপস্থিত হয় মন্ত্রীগৰাকী ।

ইটাৰভিটাৰ গাঁৱত মৈৰামাৰা নমাটি সত্ৰৰ শ্মশানৰ নামত থকা ২৪ বিঘা এক কঠা মাটিৰ সম্পৰ্কে জিলা প্ৰশাসনৰ পৰা বুজ লয় মন্ত্ৰীগৰাকীয়ে ।বৰপেটা জিলা প্ৰশাসনে সত্রৰ নামত থকা ২৪ বিঘা এক কঠা মাটি উদ্ধাৰৰ বাবে আজি জোখ মাপ চলায় ।

শ্মশানত উপস্থিত হৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে সাংবাদিকৰ আগত কয় যে, সত্ৰৰ মাটি বা সত্ৰৰ দখলত থকা শ্মশানৰ মাটি এই মাটি লৈ এটা বিবাদ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছিল ।

ৰাইজে কৰা অভিযোগ পাছত তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াবৰ্গক উক্ত বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেখেতে নিৰ্দেশ দিছিল ।

লগতে তেওঁ কয় , ‘মই আহ্বান জনাইছো যে সকলো জাতি জনগোষ্ঠীৰ লোকে ন‍্যায় পাব লাগে । কাৰো মাটি কোনেও দখল কৰিব নালাগে । যাৰ ম‍্যাদী পট্টা মাটি আছে তেওঁলোকে সেইখিনি পাব লাগে আৰু ম‍্যাদী পাট্টাৰ বাহিৰে যিখিনি মাটি শ্মশানৰ নামত আছে শ্মশানেও ন‍্যায় পাব লাগে । এতিয়া আমি সকলোকে আহ্বান জনাইছোঁ কোনেও যাতে সত্ৰৰ মাটি হ‌ওক বা চৰকাৰী মাটি তথা কোনো লোকৰ মাটি যাতে কোনেও বেদখল নকৰে । এতিয়া সেই দিন নাই অসমত।’

অসমত আমি সিদ্ধান্ত লৈছো বুলি কৈ মন্ত্ৰীগৰাকীয়ে পুনৰ কয়’ “এতিয়া মছজিদৰ মাটি, গীৰ্জাৰ মাটি কোনোবাই দখল কৰিলে তৎকালীন ভাৱে উচ্ছেদ কৰা হ’ব । গতিকে সকলোৱে যাতে ন‍্যায় পায় আমি তেনেকুৱা কৈ চলাব বিছাৰিচো আৰু ৰাইজৰো আমি এইক্ষেত্ৰত সহায় সহযোগ বিচাৰিছো ।” পৰিদৰ্শন কালত জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচাল , আৰক্ষী অধিক্ষক অমিতাভ সিনহাৰ লগতে বিষয়াসকল উপস্থিত থাকে । মন্ত্ৰী ৰণজিত দাসৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Exit mobile version