গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

ৰক্তদানৰ সমান মহৎ কাৰ্য নাই : কেশৱ মহন্ত

WhatsApp Image 2021 06 14 at 6.00.14 PM 1

স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ গজানন্দ জালান সেৱা সদনত বিশ্ব ৰক্তদাতা দিৱসৰ স’তে সংগতি ৰাখি ৰাষ্ট্ৰীয় মেডিক’জ অৰ্গেনাইজেচনৰ উদ্যোগত, সেৱা ভাৰতী পূৰ্বাঞ্চল, গোলাঘাট আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সৌজন্যত আৰু কেবাটাও অনুষ্ঠানৰ সহযোগত আয়োজন কৰা এটা ৰক্তদান শিবিৰ মুকলি কৰে ।

শিবিৰ মুকলি কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ,নিজৰ শৰীৰৰ এটোপাল তেজ দি আন এজনক জীৱন দান কৰাৰ সমান মহৎ কাম আৰু একো নাই ।

তেওঁ এই মহৎ কাৰ্যৰ বাবে উদ্যোক্তাসকলৰ শলাগ লয় আৰু ৰক্তদানৰ সক্ষমতা থকা লোকসকলক এই কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত অংশ লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে সেৱাৰ মনোভাৱেৰে কৰা এই কাৰ্য প্ৰশংসাৰ যোগ্য বুলি মন্তব্য কৰে । তেওঁ কয় যে ৰক্তদান এটা মহৎ কাম আৰু প্ৰতিজন সক্ষম লোকে নিঃসংকোচে ৰক্তদান কৰা উচিত । অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্র প্ৰতাপ সিং, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।

উল্লেখযোগ্য যে এই শিবিৰত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী সন্মিলন, অখিল ভাৰতী মাৰোৱাৰী মহিলা সন্মিলন আৰু মাৰোৱাৰী যুৱ মঞ্চ, গোলাঘাটে সহযোগিতা আগবঢ়াইছে ।

Exit mobile version