ব্যর্থ আমৰ কূটনীতি: পাকিস্তানে প্ৰেৰণ কৰা ফলৰ বাকচ প্রত্যাখ্যান আমেৰিকা-চীনৰ

tuoyua8clyorwbk7 1623552128

আমক লৈ কূটনৈতিক খেল খেলিবলৈ গৈ মুখ থেকেচা খালে পাকিস্তানে। ৩২ খনৰাে অধিক দেশক মুৰব্বীলৈ পাকিস্তানে অলপতে বন্ধুত্বসুলভ আচৰণৰে আমাৰ বাকচ প্রেৰণ কৰিছিল।

কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কাৰণ প্ৰদৰ্শনৰে এই পাকিস্তানী আম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে আমেৰিকাই। আনকি পাকিস্তানৰ বন্ধু দেশ হিচাপে পৰিচিত চীনেও ওভতাই পঠালে ইমৰান খানৰ চৰকাৰে প্রেৰণ কৰা আমৰ বাকচ।

ফলত আন্তর্জাতিক মঞ্চত পাকিস্তানৰ আম কূটনীতি ব্যর্থ হ’ল বুলি চৰ্চিত হৈছে। পাকিস্তানৰ ৰাষ্ট্রপতি ড° আৰিফ আলভিৰ হৈ বিভিন্ন ৰাষ্ট্রপ্রধানলৈ প্ৰেৰণ কৰা হৈছিল তিনিবিধ বিশেষ প্রজাতিৰ আম।

কিন্তু ইজিপ্ত, নেপাল, কানাডা, শ্রীলংকা, ইটালিৰ লগতে আমেৰিকা আৰু চীনেও পাকিস্তানৰ আমৰ উপহাৰ প্রত্যাখ্যান কৰিলে।

Exit mobile version