মাইক্ৰফাইনেঞ্চৰ ঋণমাফক লৈ গুৰুফেলাৰ দুই নম্বৰ কানুপাৰাত বন্ধনৰ ভুক্তভুগি মহিলাৰ প্ৰতিবাদ

WhatsApp Image 2021 06 14 at 5.53.42 PM 1

মাইক্ৰফাইনেঞ্চৰ ঋণমাফক লৈ অসম চৰকাৰে দিয়া নীতি নিয়ম বাবে সমগ্ৰ অসমৰ মাইক্ৰফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে।

তাৰ সমান্তৰালকৈ আজি কোকৰাঝাৰ জিলাৰ গুৰুফেলাৰ দুই নং কানুপাৰা গাওঁৰ বন্ধনৰ ভুক্তভোগী মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অসমৰ মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে গুৰুফেলাৰ দুই নম্বৰ কানুপাৰাত বন্ধনৰ ভুক্তভুগি মহিলাই।

গাঁওৰ সহজ সৰল মহিলাসকলক লৈ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে মহিলাসকলে । মহিলাসকলে লগতে কয় যে, কোনোধৰণৰ মাইক্ৰফাইনেঞ্চৰ ঋণ পৰিশোধ গাইডলাইন তেওঁলোকে নামানে।

মহিলাসকলৰ স্পষ্ট কথা ড: হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰক অন্যথা মহিলা সকলে ভয়ংকৰ আন্দোলন কৰি তুলিব বুলি মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সকিয়াই দিয়ে।

Exit mobile version