ক’ভিশ্বিল্ডৰ দ্বিতীয় প্ৰতিষেধক কিয় তিনি মাহ পাছত ?

টুইট কৰি জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

20210522 MOH RK LI Covid Vaccination 02 1621696176487 1621925853215

ক’ভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় প্ৰতিষেধকৰ মাজৰ সময়ৰ ব্যৱধান তিনি-চাৰি মাহ কৰাৰ সিদ্ধান্ত ‘স্বচ্ছ’ আৰু ‘বিজ্ঞানসন্মত’ভাৱেই গ্ৰহণ কৰা হৈছে । বিষয়টোক লৈ ৰাজনীতি কৰা দুৰ্ভাগ্যজনক । বিতৰ্কৰ মাজতে বুধবাৰে টুইট কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে ।

সম্প্ৰতি ক’ভিশ্বিল্ডৰ দুটা প্ৰতিষেধকৰ মাজৰ ব্যৱধান বৃদ্ধি কৰি তিনি-চাৰি মাহ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পূৰ্বে ব্যৱধান আছিল দুই-তিনি মাহ । কেন্দ্ৰৰ এই সিদ্ধান্ত‌ৰ পাছত একাধিক বিৰোধী মত উত্থাপন হৈছিল । সংবাদ সংস্থা ৰয়টাৰ্ছৰ এটা ৰিপ’ৰ্টত নেছনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিৰ প্ৰাক্তন ডিৰেক্টৰ এমডি গুপ্তে কয়, ‘দুটা প্ৰতিষেধকৰ মাজত দুই-তিনি মাহৰ ব্যৱধান ৰখাটো আমি সকলোৱে সমৰ্থন কৰিছিলো । কিন্তু ব্যৱধান তিনি-চাৰি মাহ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ চৰকাৰৰ । এই সিদ্ধান্ত সঠিক হ’ব‌ পাৰে বা নহ’ব‌ও পাৰে । আমাৰ লগত কোনো তথ্য নাই ।’

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মুখ্য স্বাস্থ্য উপদেষ্টা এণ্টনি ফচিয়েও কয়, দুটা প্ৰতিষেধকৰ মাজত সময়ৰ ব্যৱধান বঢ়ালে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিত নতুনকৈ বহু লোক সংক্ৰমিত হ’ব পাৰে । বহুতৰ মন্তব্য আছিল, প্ৰতিষেধকৰ নাটনি হ্ৰাস কৰিবৰ বাবে ব্যৱধান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ‌ই ।

বিষয়টোক লৈ বিতৰ্ক চলি থকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনায় যে, সম্পূৰ্ণ বিষয়টো পৰ্যালোচনা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সিদ্ধান্ত গ্ৰহণ কৰাসকলৰ কোনোৱে বিৰোধিতা কৰা নাই ।

এই বিষয়ত নেচনেল টেক্‌নিকেল এড্‌ভাইচৰী গ্ৰুপ অন ইমিউনাইজেচন (এনটিএজিআই)ৰ প্ৰধান চিকিৎসক এন আৰোৰাৰো এক বিবৃতি দাঙি ধৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । সেই বিবৃতিত ব্ৰিটেইনৰ স্বাস্থ্য নিয়ামক সংস্থা পাব্লিক হেল্থ ইংলেণ্ডৰ এক ৰিপ’ৰ্ট দাঙি ধৰি আৰোৰাই জনায়, ব্যৱধান তিনি মাহ হ’লে ক’ভিশ্বিল্ডৰ কাৰ্যকাৰিতা ৬৫-৮৮ শতাংশ হয় । এই প্ৰক্ৰিয়াত ব্ৰিটেইনে কৰ’না ভাইৰাছৰ আলফা প্ৰজাতিক প্ৰতিৰোধ কৰাত সক্ষম হৈছে । প্ৰায় একেধৰণৰে ৰিপ’ৰ্ট প্ৰকাশিত হৈছিল লেনছেট পত্ৰিকাটো । সেই ৰিপ’ৰ্টত কোৱা হয়, ব্যৱধান তিনি মাহ বা তাতোকৈ বেছি হ’লে প্ৰতিষেধৰ কাৰ্যকাৰিতা ২৬.২ শতাংশ বাঢ়ে ।

Exit mobile version