তিনিচুকীয়াত দিনতে সংঘটিত ডকাইতি কাণ্ড

ন-পুখুৰীৰ মছজিদপট্টী পথৰ সুৰেশ কেৰিয়াৰ ঘৰত দিনৰ প্ৰায় ১১:৩০ বজাত সংঘটিত হৈছে এক ডকাইতি কাণ্ড ।

তিনিজনীয়া এটা অস্ত্ৰধাৰী যুৱকে ন-পুখুৰীৰ মছজিদপট্টী পথৰ সুৰেশ কেৰিয়াৰ ঘৰত সোমাই সংঘটিত কৰে ডকাইতি কাণ্ডটো ।

ঘৰৰ ব্যক্তিয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰথমে ঘৰৰ সকলো সদস্যক চকুত কাপোৰ বান্ধি ঘৰৰ পৰা এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি আৰু পাঁচটা মোবাইল ফোন লৈ পলায়ন কৰে ডকাইতৰ দলটোৱে ।

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version