দেশৰ নতুন তথ্য প্রযুক্তি আইনক লৈ কেন্দ্রীয় চৰকাৰ আৰু টুইটাৰৰ মাজত অব্যাহত থকা বিবাদে নতুন মােৰ ল’লে।
ADVERTISEMENT
এইবাৰ টুইটাৰ কর্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰি সংসদৰ ষ্টেণ্ডিং কমিটীয়ে অহা ১৮ জুনত মাইক্ৰব্লগিং প্রতিষ্ঠানটোৰ প্ৰতিনিধিক কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিলে।
সামাজিক মাধ্যমত নাগৰিকৰ সুৰক্ষা আৰু এই মাধ্যমৰ অপব্যৱহাৰ প্ৰতিৰােধ কৰিবলৈ টুইটাৰ কর্তৃপক্ষই কি পদক্ষেপ গ্রহণ কৰিছে সেই সন্দৰ্ভত সবিশেষ তথ্য প্রতিষ্ঠানটোৱে কমিটীক অৱগত কৰিব লাগিব।
উল্লেখ্য যে পূর্বেও একাধিক বিষয়ত এই মাইক্ৰ’ব্লগিং ছাইটটোৰ বিষয়ক সংসদীয় কমিটীয়ে জবাবদিহি কৰিছিল। দেশৰ নতুন তথ্যপ্রযুক্তি আইন নির্দিষ্ট সময়ৰ ভিতৰত কার্যকৰী নকৰা হেতুকে টুইটাৰক এইদৰে কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰিলে।