Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

য’ত এটুপি বিশুদ্ধ খোৱাপানীও দুৰ্লভ ! পানীৰ বাবে হাহাকাৰ কৰিছে বামুনীৰ শুকানজুৰিবাসী ৰাইজে

গেলা কুঁৱাৰ দূষিত পানী, জুৰিৰ পানীয়েই শেষ ভৰসা

publisher by publisher
June 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
য’ত এটুপি বিশুদ্ধ খোৱাপানীও দুৰ্লভ ! পানীৰ বাবে হাহাকাৰ কৰিছে বামুনীৰ শুকানজুৰিবাসী ৰাইজে
7
SHARES
69
VIEWS
ShareShareShareShare

নগাওঁ জিলাৰ শতাধিক বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়েই বিকল

ADVERTISEMENT

দেশ স্বাধীন হোৱা সুদীৰ্ঘ ৭৩ বছৰৰ পাছতো এটুপি বিশুদ্ধ খোৱা পানীও দুৰ্লভ হৈ আছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলত। ফলত এতিয়াও অঞ্চলবাসীয়ে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । বিশুদ্ধ খোৱা পানীৰ কথাটো বাদেই এই দুৰ্ভগীয়া অঞ্চলবাসীয়ে গা-ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি বিভিন্ন কামৰ‌ বাবেও প্ৰয়োজনীয় পানীৰ বাবেও বহু দূৰ বাট-কুৰি-বাই যাবলগীয়া হৈছে ।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

প্ৰতিদিনে পুৱা আৰু বিয়লি অঞ্চলটোৰ পুৰুষ-মহিলাসকলে নিজৰ কান্ধত, মূৰত অথবা ঠেলা, চাইকেলেৰে লোটা,‌ কলহ, প্লাষ্টিকৰ ড্ৰাম, টিং আদি কঢ়িয়াই লৈ ডেৰ-দুই কিলোমিটাৰ নিলগত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা গেলা কুঁৱা আৰু জুৰিলৈ যায় । একাংশ লোকে লোটা, কলহ, ড্ৰাম আদি লৈ নিলগৰ জুৰিৰ পৰা নিত্যব্যৱহাৰ্য পানীখিনি সংগ্ৰহ কৰিবলগীয়া হৈছে । আন একাংশ লোকে ঘৰৰ চৌহদতে খান্দি লোৱা কেঁচা কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে ।

অৱশ্যে অঞ্চলটোত আহোমগাঁৱত বিশুদ্ধ খোৱাপানী যোগান আঁচনি নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও প্ৰয়োজনীয় তত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই আঁচনিটো বহুদিনধৰি বিকল হৈ আছে । স্থানীয় ৰাইজৰ বহু আবেদন নিবেদনৰ পাছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে আজিকোপতি পানী যোগান আঁচনিটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে । ফলত উপায়হীন হৈ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে বিশুদ্ধ পানীৰ অভাৱত কদৰ্য পৰিৱেশত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা কুঁৱাৰ লগতে জুৰিৰ দূষিত পানী সেৱন কৰি থাকিব লগা হৈছে । ইয়াৰোপৰি এই দূষিত পানীকে আন কামতো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । দূষিত পানী সেৱন কৰি থকা হেতুকে অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে ।

IMG 20200622 WA0004

উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি আৰু বামুণী দুখনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলবাসীয়ে অঞ্চলটোৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰ বিষয়ে সমষ্টিটোৰ সেই সময়ৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ অৱগত কৰি অনুনয় বিনুনয় কৰিছিল যদিও কোনো সুফল নাপালে বুলি স্থানীয় ৰাইজে জনাইছে । স্মৰ্তব্য যে, এক অকৰ্মন্য বিভাগত পৰিণত হোৱা নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অকৰ্মন্যতাৰ বাবেই জিলাখনৰ নগাঁও, কলিয়াবৰ, ধিং সংমণ্ডলৰ অধীনস্থ কলিয়াবৰ, নগাঁও, ধিং, কিঠিয়াতলী জনস্বাস্থ্য উপসংমণ্ডলৰ শতাধিক বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়েই বিকল হৈ আছে ।

জিলাখনৰ কঠিয়াতলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কন্দলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, নিবুকালি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পূৱ আমৰাকান্দা বিশুদ্ধ খোৱাপানী যোগান আঁচনি, গড়াজান বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বৰপেটা বিশুদ্ধ খোৱাপানী যোগান আঁচনি, গেৰুৱাটী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, মাহেৰীপাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কছাৰী গাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, উত্তৰ ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, উত্তৰ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, দক্ষিণ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, তিনিচুকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কাৱৈমাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, আউনিআটী সত্ৰ বৰবাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বামুণী শুকাণজুৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, জামুগুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, ভেকুলী গৰুবাট বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পূৱ শালমৰা বিশুদ্ধ খোৱাপানী যোগান আঁচনি প্ৰমুখ্যে জিলাখনৰ বিভিন্ন অঞ্চলৰ শতাধিক বিশুদ্ধ পানীযোগান আঁচনি সুদীৰ্ঘ দিনধৰি বিকল হৈ আছে । যাৰ ফলত সংশ্লিষ্ট অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও চৰম দুৰ্ভোগ ভুগিব লগা হৈছে ।

IMG 20201219 WA0014

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট সংমণ্ডলসমূহে বিকল হৈ থকা পানী যোগান আঁচনিসমূহ মেৰামতি কৰি সক্ৰিয় কৰি নোতোলাত সেই পানী যোগান আঁচনিসমূহৰ এলেকাধীণ শ শ গাঁৱৰ ৰাইজে দমকল, কুঁৱা, কেঁচা কুঁৱা, পুখুৰী, সুঁতি, নদী আদিৰ দূষিত পানীকে সেৱন কৰি থাকিবলগীয়া হৈছে । এই দূষিত পানী সেৱন কৰি থকাৰ বাবে সেই অঞ্চলৰ ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাও পৰিলক্ষিত হৈছে ।‌কঠিয়াতলী, কামপুৰ, কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে ফ্ল’ৰাইডযুক্ত দূষিত পানী সেৱন কৰি থকাৰ ফলত মাৰাত্মক ফ্ল’ৰচিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ স’তে যুঁজি থাকিবলগীয়া হৈছে ।

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী নগাঁও চক্ৰৰ অধীনস্থ আটাইকেইটা সংমণ্ডলেই ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী যোগান আঁচনি, আঁচনিৰ তত্বাৱধান আৰু মেৰামতি, খোৱাপানী বিশুদ্ধিকৰণ, বীজাণুমুক্তকৰণ, ইন্ধন, কেমিকেল আদিৰ বাবদ প্ৰতি বছৰেই কোটি কোটি টকাৰ আবন্টন লাভ কৰি আহিছে । তৎসত্বেও জিলাখনৰ বিভিন্ন প্ৰান্তত শতাধিক বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থকাটো অতি চিন্তনীয় বিষয়। বিশুদ্ধ খোৱাপানী যোগান আঁচনিসমূহ সক্ৰিয় কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে প্ৰতিটো বৰ্ষতে জলস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলসমূহক কোটি কোটি টকাৰ আবন্টন দি আহিছে যদিও সেই ধনৰ ওপৰত অবাধ লুন্ঠন চলাই থকাৰ পৰিপ্ৰেক্ষিততেই জিলাখনৰ গঞা ৰাইজৰ বাবে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানী দুৰ্লভ হৈ আছে ।

নগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ‌ বাবে‌ হাহাকাৰ কৰি ফুৰিবলগীয়া হ’লেও জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে কেতবোৰ আঁচনিৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ (এন আৰ ডি ডব্লিউ পি)ৰ অধীনত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকা আৱন্টন লাভ কৰি আহিছে আৰু সংমণ্ডলটোৱেও আবন্টিত সমূদায় ধন গ্ৰাম্যাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বিভিন্ন খোৱাপানী যোগান আঁচনিৰ কামত ব্যয় কৰি অহা বুলি বিভাগীয় নথিত উল্লেখ কৰি আহিছে ।

বিশেষকৈ জিলাখনৰ ৰহা, কামপুৰ, কঠিয়াতলী, বঢ়মপুৰ, বামুণী, পুৰণিগুদাম, ৰূপহী, জুৰীয়া প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বহু গাঁৱত এতিয়াও বিশুদ্ধ খোৱাপানী ৰাইজৰ বাবে দুৰ্লভ হৈ আছে । বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ বিপৰীতে আবন্টিত ধনৰে অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা, গুদাম ৰক্ষক,‌ ঠিকাদাৰসকল ঠিকেই সৱল হোৱা পৰিলক্ষিত হৈছে ।

IMG 20200622 WA0003

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলে ইয়াৰ অধীনস্থ বিভিন্ন ঠাইত বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ ইতিমধ্যেই স্থাপিত খোৱাপানী যোগান আঁচনিৰ তত্বাৱধান আৰু মেৰামতি, বৈদ্যুতিক বিল, গ্ৰাহকৰ বিল খোৱাপানীৰ বিশুদ্ধিকৰণ, ইন্ধন আদিৰ বাবে ৩৫৫ খন পানী যোগান আঁচনিৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আচ‌ঁনি(নেচনেল ৰুৰেল ড্ৰিংকিং ৱাটাৰ প্ৰ’গ্ৰাম)ৰ অধীনত আৰু নন প্লেন শিতানত বিগত ২০১৬-২০১৭বিত্তীয় বৰ্ষত মুঠ দুই কোটি ৬৯ লাখ ৮১ হেজাৰ ৬৩২ টকা আবন্টন লাভ কৰিছিল ।

ইপিনে, ২০১৭-২০১৮ বিত্তীয় বৰ্ষটো ৩১৬ খন পানী যোগান আঁচনিৰ বিপৰীতে তত্বাৱধান-মেৰামতি, গ্ৰাহকৰ বিল, খোৱাপানীৰ বিশুদ্ধিকৰণ, ইন্ধন আদি শিতানৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনত দুই কোটি আঠ লাখ ৯২ হেজাৰ ৬৯২ টকা আৰু ২০১৯-২০২০বৰ্ষতো ৭৯ খন আঁচনিৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনত দুই কোটি ৬৩ লাখ ৪২ হেজাৰ ৬৩৪ টকা আবন্টন দি মোকলাই দিয়া হৈছিল । জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে আবন্টিত সমূদায় ধনেই আঁচনিৰ সঠিক ৰূপায়নৰ নামত খৰচ কৰা দেখুওৱা হৈছে । কিন্তু সংমণ্ডলটোৱে তত্বাৱধান-মেৰামতি, আঁচনিৰ উন্নীতকৰণ, ইন্ধন, বৈদ্যুতিক বিল, খোৱা পানীৰ বিশুদ্ধিকৰণৰ নামত প্ৰতিটো বৰ্ষতে যিমান পৰিমাণৰ টকা খৰচ কৰা বুলি দেখুওৱা হৈছে বাস্তৱ ক্ষেত্ৰত তাৰ অৰ্ধেক পৰিমাণৰ ধনো খৰচ হোৱা নাছিল বুলিহে ৰাইজে অভিযোগ তুলিছে ।সেইবোৰ শিতানৰ ধনৰ ওপৰত অবাধ লুন্ঠন চলোৱা বুলি ৰাইজে অভিযোগ তুলিছে ।

উল্লেখ্য যে, ২০১৬-২০১৭ বৰ্ষত ৫৮ খন বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ সামান্য মেৰামতি, কেমিকেলৰ নামত ২০ লাখ টকা, বিদ্যুৎ আৰু গ্ৰাহকৰ বিলৰ বাবদ ৭৭ খন আঁচনিৰ বিপৰীতে ২২ লাখ টকা, ছখন আঁচনিৰ খোৱা পানীৰ বিশুদ্ধিকৰণ, তত্বাৱধান, উন্নীতকৰণৰ বাবদ ১৭,২৪,৯৫৫টকা, ১৫ খন আঁচনিৰ ডিজেলৰ বাবদ পাঁচ লাখ টকা খৰচ কৰা দেখুওৱা হৈছে । প্ৰকৃতাৰ্থত এই কামসমূহত সেই পৰিমাণৰ ধন খৰচেই হোৱা নাছিল। আবন্টিত ধনৰ ওপৰত অবাধ লুন্ঠনহে চলোৱা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

একেদৰে, ২০১৮-২০১৯ বিত্তীয় বৰ্ষটো কন্টিজেঞ্চি নন প্লেন শিতানত ২৫ হেজাৰ টকা, ৯৪ খন আঁচনিৰ খোৱা পানীৰ বিশুদ্ধিকৰণৰ বাবদ ৬৬ লাখ ৯৪ হেজাৰ ৭৮৫ টকা, ১০খন আঁচনিৰ ইন্ধনৰ বাবদ পাঁচ লাখ ১০ হেজাৰ ৮৩১টকা, ১০ খন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ খোৱা পানীৰ বিশুদ্ধিকৰণৰ বাবদ ৫৭লাখ, ৬৯ হেজাৰ ৩৩৭ টকা আৰু নন প্লেন (সাধাৰণ)শিতানত ৩৪ খন আঁচনিৰ তত্বাৱধানৰ নামত ১২ লাখ ৩৬ হেজাৰ টকা খৰচ কৰাৰ নামতো ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে মাত্ৰ তিনিটা বিত্তীয় বৰ্ষতে ১১ কোটি ৮৬ লাখ ৯০ হেজাৰ ৫৭৪ টকা আবন্টন লাভ কৰি খৰচ কৰাৰ পাছতো সংমণ্ডলটোত বিশুদ্ধ পানীৰ অভাৱ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NagaonWater supply scheme
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d