ক’ভিডৰ দ্বিতীয় ঢৌত গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাসকল অধিক ক্ষতিগ্ৰস্ত, জনালে আইচিএমআৰ

83591046

ক’ভিডৰ প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌত গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাসকল অধিক ক্ষতিগ্ৰস্ত হৈছে । এটা গৱেষণাত এই কথা জনালে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচার্জে।

আইচিএমআৰে দাবী কৰিছে যে যোৱা বছৰৰ তুলনাত এই বছৰ গৰ্ভৱতী মহিলা আৰু প্ৰসৱোত্তৰ মহিলা বৃহৎ সংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে।বিগত বৰ্ষতকৈ মৃত্যুৰ হাৰও এইবাৰ বেছি। এই গৱেষণাত ক’ভিডৰ প্ৰথম ঢৌ আৰু দ্বিতীয় ঢৌত গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাসকলৰ সংক্ৰমণৰ তুলনা কৰিছিল।

গৱেষণাত কোৱা হৈছে যে দ্বিতীয় ঢৌত উপসৰ্গ থকা মহিলাৰ সংখ্যা ২৮.৭ শতাংশ বৃদ্ধি পাইছে। প্ৰথম ঢৌৰ সময়ত হাৰ আছিল ১৪.২ শতাংশ। দ্বিতীয় ঢৌত গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাৰ মৃত্যুৰ হাৰ ৫.৭ শতাংশ। প্ৰথম ঢৌত হাৰ আছিল ০.৭ শতাংশ।

সমীক্ষাটোত এক হেজাৰ ৫৩০ গৰাকী গৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাৰ ওপৰত কৰা হৈছিল। যাৰ ভিতৰত এক হেজাৰ ১৪৩ গৰাকী আছিল প্ৰথম ঢৌত আক্রান্ত হোৱা। দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে ৩৮৭ গৰাকী লোক ।

প্ৰথম ঢৌ আৰু দ্বিতীয় ঢৌত মাতৃসকলৰ মুঠ মৃত্যুৰ হাৰ হৈছে দুই শতাংশ। তেওঁলোকৰ বেছিভাগেই মৃত্যু হৈছে নিউমোনিয়া আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে ।

গৱেষণাত আইচিএমআৰ গৰ্ভৱতী আৰু স্তন্যপান কৰোৱাৰ মহিলাসকলক টিকা দিয়াৰ গুৰুত্ব তুলি ধৰিছে। ভাৰতত স্তন্যপান কৰোৱা সকলক টিকাকৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে, নিদানিক পৰীক্ষণ তথ্যৰ অভাৱৰ কাৰণ হিচাপে চৰকাৰে এতিয়াও এই মহিলাসকলক টিকাকৰণ কৰিবলৈ অনুমতি দিয়া নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এটা পৰামৰ্শদাতা গোটে বৰ্তমান বিষয়টো আলোচনা কৰি আছে।

Exit mobile version