গংগাত উটি থকা কাঠৰ বাকচত উদ্ধাৰ কন্যা শিশু

1623843488 download 1

গংগাত এটা কাঠৰ বাকচ উটি আহিছিল । তাকে দেখি স্থানীয় নাৱৰীয়া গুল্লু চাহুধাৰীয়ে বাকচটো তুলি লয় আনে । বাকচ খুলিয়ে তেওঁৰ চকু কপালত উঠে । তেওঁ দেখে যে বাকচৰ ভিতৰত এটি সদ্যোজাত আছে । ঘটনাটো সংঘটিত হয় উত্তৰপ্ৰদেশৰ গাজিপুৰৰ দাদৰি ঘাটত । গুল্লুৰ মতে, তেওঁক গংগা নদীয়ে শিশু কন্যাটি উপহাৰ হিচাপে দিছে । সেয়ে তেওঁ শিশুটিক ডাঙৰ কৰিব বিচাৰে । শিশুটিক উদ্ধাৰ কৰা বাকচটোত দেৱ-দেৱীৰ ফটো লগোৱা আছিল । তদুপৰি শিশুটিৰ ৰাশিফলো ৰখা আছিল ।

আৰক্ষীয়ে জনায়, শিশুটিক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে । শিশুটি কাৰ স’তে থাকিব সেই সম্পৰ্কে সম্প্ৰতি কোনো সিদ্ধান্ত গ্ৰহণ ‌কৰা হোৱা নাই । এজন আৰক্ষী বিষয়াই জনাইছে যে, শিশুটিৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে আৰু পিতৃ-মাতৃৰ সন্ধান ওলিয়াবলৈ চেষ্টা কৰা হৈছে ।

নাৱৰীয়াজনৰ প্ৰশংসা কৰি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, চৰকাৰে শিশুটিৰ লালন-পালনৰ ব্যৱস্থা কৰিব । কৃতজ্ঞতা হিচাপে নাৱৰীয়াজনে সকলো চৰকাৰী প্ৰকল্পৰ সুবিধা লাভ কৰিব ।

Exit mobile version