গাজিয়াবাদ প’ষ্টৰ অভিযোগত অভিনেত্ৰী স্বৰা ভাস্কৰ, টুইটাৰ ইণ্ডিয়াৰ ব্যৱস্থাপনা পৰিচালকৰ বিৰুদ্ধে গোচৰ দাখিল

jpg

চলিত মাহৰ আৰম্ভণিতে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ এজন মুছলমান ব্যক্তিৰ ওপৰত আক্ৰমণৰ ঘটনাত ‘উচতনিমূলক টুইট’ কৰাৰ অভিযোগত অভিনেত্ৰী স্বৰা ভাস্কৰ, টুইটাৰ ইণ্ডিয়াৰ ব্যৱস্থাপনা পৰিচালকসহ অন্য দুজনৰ বিৰুদ্ধে দিল্লীত গোচৰ দাখিল কৰা হৈছে । অৱশ্যে আৰক্ষীয়ে এজন অধিবক্তাৰ অভিযোগৰ বাবে এফ‌আইআৰ দাখিল কৰা নাই ।

টুইটাৰত এজন বৃদ্ধ লোকক আক্ৰমণ কৰাৰ প’ষ্ট শ্বেয়াৰ কৰি ‘সাম্প্ৰদায়িক অনুভূতিক উচতনি’ দিয়াৰ বিষয়ত গাজিয়াবাদৰ এটা এফ‌আইআৰ-ত একাধিক সাংবাদিক আৰু কংগ্ৰেছ নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল । সেই সন্দৰ্ভত এজন অধিবক্তাই দিল্লী আৰক্ষীক যোগাযোগ কৰিছিল ।

অভিযোগ অনুসৰি, অভিনেত্ৰী স্বৰা, সাংবাদিক আৰ্ফা খানুম আৰু আছিফ খানে তেওঁলোকৰ টুইটাৰ হেণ্ডেলৰ পৰা ‘সংশ্লিষ্ট ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈ নাগৰিকৰ মাজত হিংসাৰ সৃষ্টি কৰিবৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে ।’ লগতে কোৱা হয় যে, ‘ভাৰতৰ টুইটাৰ প্ৰধান মনিশ মহেশ্বৰীয়ে এই ঘটনাৰ কোনো ধৰণৰ সাম্প্ৰদায়িক কাৰণ নাছিল বুলি জানিও প’ষ্টটো ডিলিট কৰিবৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ।’

উত্তৰপ্ৰদেশ আৰক্ষীয়ে দাখিল কৰা গোচৰত টুইটাৰৰ বিৰুদ্ধে এই ঘটনাৰ স’তে জড়িত ‘বিভ্ৰান্তিকৰ’ বিষয়বস্তু অপসৰণ নকৰাৰ অভিযোগ কৰা হৈছে । টুইটাৰক ‘সংঘৰ্ষৰ অভিপ্ৰায়, শত্ৰুতা আৰু অপৰাধমূলক সড়যন্ত্ৰ প্ৰচাৰ কৰা’ৰো অভিযোগ কৰা হৈছে ।

আক্ৰমণৰ বলি হোৱা ছুফি আব্দুল ছামাডে অভিযোগ কৰিছিল যে, আক্ৰমণকাৰীৰ এটা দলে তেওঁৰ দাড়ি কাটি ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ক’বলৈ বাধ্য কৰিছিল ।

উত্তৰপ্ৰদেশ আৰক্ষীয়ে কয় যে, ঘটনাটোত কোনো সাম্প্ৰদায়িক কাৰণ নাই; ভুৱা সৌভাগ্য কৱচ বিক্ৰী কৰাৰ বাবে ক্ৰোধিত হিন্দু আৰু মুছলিমৰ এটা ছয়জনীয়া দলে ব্যক্তিজনক আক্ৰমণ কৰিছিল ।

চৰকাৰী সূত্ৰ অনুসৰি, টুইটাৰে নতুন আইটি বিধি মানি চলাত ব্যৰ্থ হোৱাৰ বাবে ‘আইনী ৰক্ষা কৱচ হেৰুৱাইছে’ ।

Exit mobile version