দোতমা স্বাস্থ্যকেন্দ্ৰৰ অধীন চিথিলা, বৰাগাৰিত ক’ভিড পৰীক্ষাৰ লগতে ক’ভিড ভেকচিন প্ৰদান

ভেকচিন ল'বলৈ এজনো নাহিল বৰাগাৰি গাওঁত

WhatsApp Image 2021 06 17 at 6.14.27 PM 1

ৰাজ্যৰ চহৰবোৰৰ লগতে গ্ৰাম্যঞ্চলতো ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে।তাৰ পৰিপেক্ষিত্বত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চলত ক’ভিড ভেকচিন প্ৰদান কৰাৰ লগতে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লৈছে।

সেইমৰ্মে দোতমা অঞ্চলৰ ভিন্ন গ্ৰাম্যঞ্চলত ১৮ উৰ্ধৰ আৰু ৪৫ উৰ্ধৰ ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হৈছে।সমান্তৰাল কৈ আজি কোকৰাঝাৰ জিলাৰ দোতমা স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত চিথিলা কমিউনিটি হলত ক’ভিড আৰটিপিচিআৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে।

উক্ত ক’ভিড টেষ্টত চিথিলা অঞ্চলৰ ৰাইজে সহাৰি আগবঢ়ায়। ইপিনে আজি বৰাগাৰি প্ৰাথমিক স্কুলত ৪৫ বছৰৰ উৰ্ধৰ ব্যক্তিক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়। কিন্তু তাত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী এজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাতিপুৱাৰ পৰা উক্ত বৰাগাৰি গাঁওখনৰ এজনো লোক ভেকচিন লবলৈ আগবাঢ়ি নাহিল।

উক্ত গাওঁৰ গাওঁবুঢাই জনোৱা মতে তেখেতে সকলো গাওঁৰ মানুহক ভেকচিন সম্পর্কে সজাগ কৰিছিল কিন্তু মানুহবোৰ ভেকচিন লবলৈ নহাত গাওঁবুঢাজনো দুখ প্ৰকাশ কৰে।

Exit mobile version