বিজেপি মণ্ডল যুৱ মৰ্চাৰ ক’ভিড সাহাৰ্য বিতৰণ

ক’ভিড মহামাৰীৰ এই দুৰ্যোগৰ সময়ত একাংশ জনতাই এক সংকটময় জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । এই সংকটময় কালত আৰ্তজনক কিছু পৰিমাণে সকাহ দিবলৈ আগবাঢ়ি আহিছে বিজেপিৰ যুৱ মৰ্চাৰ একাংশ হৃদয়ৱান লোক ।

গৰৈমাৰী বিজেপি মণ্ডল যুৱ মৰ্চাৰ পৰা ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰীৰ শিঙিমাৰী গাঁৱৰ কিছু দৰিদ্ৰ লোকৰ মাজত চাউল ডালিকেধৰি কিছু খাদ্য-সামগ্ৰী বিতৰণ কৰি এক মহান মানৱীয়তাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হৈছে ।

Exit mobile version