সদাব্যস্ত চহৰ জখলাবন্ধাৰ এখন ভ্ৰাম্যমাণ বিপনী আৰু ৰাজেশৰ জীৱন সংগ্ৰামৰ জীয়া ছবি

কৰ'নাৰ সন্ত্ৰাসৰ মাজতো মই ওলাই নাহিলে মা লঘোণে থাকিবঃ ৰাজেশ

1623927650498

‘কৰ’নাৰ সন্ত্ৰাসৰ মাজতো মই ওলাই নাহিলে মা লঘোণে থাকিব ৷’ এয়া কলিয়াবৰৰ এগৰাকী জীৱন সংগ্ৰামী যুৱকৰ মনৰ কথা ৷ এই কথাৰ আঁৰত আছে এখন বিশেষ বিপনী ৷ যিখন ভ্ৰাম্যমান বিপনীয়ে সদাব্যস্ত চহৰ জখলাবন্ধাত এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে ৷

এই ভ্ৰাম্যমাণ বিপনীখনৰ আঁৰৰ ব্যক্তিগৰাকীৰ নাম ৰাজেশ ছেত্ৰী । ৰাজেশ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ চৌদিশে কৰ’না মহামাৰীৰ সন্ত্ৰাস ৷ পদপথৰ অতি ক্ষুদ্ৰ পোহাৰীগৰাকীৰ পৰা সকলো এতিয়া একপ্ৰকাৰ পৰিয়ালৰ ভৱিষ্যতৰ চিন্তাত নিমগ্ন ৷ ইয়াৰ মাজতে পেটৰ তাড়নাত কলিয়াবৰৰ জখলাবন্ধাত বিশেষভাৱে সক্ষম ৰাজেশে বিশেষ কৌশলৰে নিৰ্মাণ কৰা চাইকেলখনতে সাঁজি লৈছে এখন ভ্ৰাম্যমান দোকান । কৰি গৈছে জীৱনৰ সংগ্ৰাম ৷

বিপনীখনত দিনটোত চিপচ্, ছকলেটৰ পেকেটকেইটা বিক্ৰী কৰি যি উপাৰ্জন হয় তাৰেই পৰিয়াল পোহপাল দিয়ে জখলাবন্ধাৰ বিশেষভাৱে সক্ষম এই যুৱকজনে । আজিৰ দিনটোত সদাব্যস্ত চহৰ ৰূপে পৰিচিত জখলাবন্ধাৰ এয়া এখন চিনাকী ছবি । বিশেষভাৱে সক্ষম ব্যক্তিৰ চাইকেলখনতে এখন ভ্ৰাম্যমান দোকান সাজি জখলাাবন্ধাৰ চোকে-কোণে দিনটো ঘূৰি ফুৰে ৰাজেশ । লক্ষ্য এটাই, দোকানখনত ওলোমাই ৰখা বস্তু কেইপদ সোনকালেই বিক্ৰী কৰিব লাগে তেওঁ । কিয়নো তাৰে পোৱা দুপইচাৰে তেতিয়াহে বৃদ্ধ মাতৃৰ আখলত জুই জ্বলে ।

পুৱাই ওলাই অহা সকলোৰে অতি চিনাকী ৰাজেশৰ দোকানলৈ কণমানি এটাও দৌৰি আহি চিপচ্ এপেকেট কিনে । ২০১৮ত নিয়তিৰ নিৰ্দয় আঁচোৰত ৰাজেশৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা । ইয়াৰ আগেয়ে ৰাজেশ আছিল সুন্দৰ সুঠাম যুৱক । চেন্নাইত কৰ্মৰত ৰাজেশ ঘৰলৈ আহিছিল কৰ্মৰত কোম্পানীৰ ছুটী কটাবলৈ । কিন্তু ২০১৮ৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা শিলঘাটলৈ অহা ৰে’লৰ দুৰ্ঘটনাত শৰীৰৰ তলৰ অংশত আঘাটপ্ৰাপ্ত হয় ৰাজেশ । ইয়াৰ পাছত বহু কষ্টৰ মূৰত গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি সুস্থ হৈ ঘৰলৈ উভতে ৰাজেশ । কিন্তু তেওঁ দুয়োখন ভৰি হেৰুৱাই । তথাপিও ভাগৰি নপৰিল সুঠাম যুৱকজন ।

চৰকাৰৰ পৰা লাভ কৰা বিশেষভাৱে সক্ষম লোকৰ চাইকেলখনতে গঢ়ি তুলিলে এখন ভ্ৰাম্যমান দোকান আৰু এতিয়া দোকানখনেৰে পোহপাল দি আছে পৰিয়ালটো । নতুন চৰকাৰখনলৈ এইগৰাকী ভ্ৰাম্যমাণ বিপনীৰ ব্যৱসায়ীৰ অনুৰোধ যাতে চৰকাৰে দোকানখন চলাই নিয়াত আৰ্থিকভাৱে সহায় কৰে এওঁক ৷ একাংশৰ কৰ্মবিমুখীতাৰ বিপৰীতে এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি সকলোৰে বাবেই আদৰ্শ ৷

Exit mobile version