ৰবীন হুড আৰ্মী গোসাঁইগাঁও শাখাৰ উদ্যোগত অৰ্ধশতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

WhatsApp Image 2021 06 17 at 12.19.43 PM

ৰাজ্যত ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক ল’কডাউনে জুৰুলা কৰি পেলাইছে দুখীয়া শ্ৰেণীৰ লোকসকলক । তেনে সময়ছোৱাত বুধবাৰে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত একেবাৰে পিছপৰা আদিবাসী অঞ্চল ঘুঘুঝৰা গাঁৱত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে ৰবীন হুড আৰ্মীৰ গোসাঁইগাঁও শাখাই ।

ADVERTISEMENT

ৰবীন হুড আৰ্মীৰ গোসাঁইগাঁও শাখাৰ সদস্যসকলে একত্ৰিত হৈ ঘুঘুঝৰা গাঁৱৰ অৰ্ধশতাধিক দুখীয়া পৰিয়ালৰ মাজত নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সামাজিক দূৰত্ব অটুট ৰাখি বিতৰণ কৰ । লগতে সকলোকে চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ আৰু ক’ভিড ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

তদুপৰি তেওঁলোকৰ এটা ওয়াৰ্ছ এপ নম্বৰ মুকলি কৰি দিয়ে । নম্বৰটো হ’ল ৮৯৭১৯৬৬১৬৪, জ্যেষ্ঠ নাগৰিকসকলৰ সহায়ৰ বাবে এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় । এই নম্বৰত যোগাযোগ কৰিলে তেওঁলোকে জ্যেষ্ঠ নাগৰিকসকলক সহায় কৰিব লগতে যদি কোনোবাই এই ছেচ্ছাসেৱী সংগঠনটোত জড়িত হ’ব বিচাৰে তেওঁলোককো যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

Exit mobile version