আহমেদাবাদৰ সবৰমতী নদীত পোৱা গৈছে কৰ’না ভাইৰাছ

Sabarmati Riverfront Jan 2011

কৰ’না ভাইৰাছৰ সন্ধান পোৱা গৈছে সবৰমতী নদীৰ পানীত । লগতে চহৰৰ দুখন হ্ৰদ কাঁকৰিয়া আৰু চান্দোলাৰ পানীত এই ভাইৰাছ পোৱা গৈছে বুলি দাবী কৰা হৈছে । দেশত এইয়ে প্ৰথম কোনো নদীত কৰ’না ভাইৰাছৰ সন্ধান পোৱা গৈছে ।

ইতিমধ্যে সবৰমতী নদী আৰু দুই হ্ৰদৰ পানীৰ নমুনা সংগ্ৰহ কৰিছে গান্ধীনগৰ আইআইটি আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ এনভাইৰ’মেণ্ট ছাইন্সে । গান্ধীনগৰ আৰ্থ ছাইন্সেছ বিভাগৰ অধ্যাপক মনীষ কুমাৰে জনায়, নদী আৰু হ্ৰদত ছাৰ্ছ ক’ভ-২ ভাইৰাছৰ উপস্থিতিয়ে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ।

অধ্যাপক কুমাৰে লগতে জনায়, ২০১৯ৰ তিনি ছেপ্তেম্বৰ আৰু ২৯ ডিচেম্বৰৰ ভিতৰত সবৰমতী নদী আৰু কাঁকৰিয়া আৰু চান্দোলা হ্ৰদৰ পৰা সপ্তাহত এবাৰকৈ নমুনা সংগ্ৰহ কৰা হৈছে । সবৰমতী নদীৰ পৰা ৬৯৪ টা, চান্দোলাৰ পৰা ৫৪৯ টা আৰু কাঁকৰিয়া হ্ৰদৰ পৰা ৪০২ টা নমুনা সংগ্ৰহ কৰা হৈছে ।

উত্তৰপ্ৰদেশৰ গংগাত বহু ক’ভিড ৰোগীৰ মৃতদেহ উটি থকা পৰিলক্ষিত হৈছিল । যাক লৈ সমগ্ৰ দেশতে আতংকৰ সৃষ্টি হয় । নদীৰ পানীত কৰ’না ভাইৰাছৰ অস্তিত্বক লৈয়ো প্ৰশ্ন উত্থাপন হয় । এই আশংকাক সত্য প্ৰমাণিত কৰি এইবাৰ সবৰমতী নদীত পোৱা গ’ল কৰ’না ভাইৰাছ ।

Exit mobile version