কলিয়াবৰৰ জনঅৰণ্যত ওলাইছে ‘কথকী পক্ষী’

মানুহৰ দৰে কথা কোৱা বনৰ চৰাইটো চাবলৈ প্ৰকৃতিপ্ৰেমীৰ ভিৰ

1624004837004

কলিয়াবৰৰ জনঅৰণ্যত ‘কথকী পক্ষী’ ওলাইছে ৷ গছৰ ডালৰ পৰা মানুহৰ দৰেই কথা কয়, কলকলাই চৰাইটোৱে ৷ মানুহৰ মাতেৰে বাৰ্তালাপ কৰা এই বনৰীয়া চৰাই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমীৰ মাজত ৷

বনৰীয়া চৰাইটোৱে মানুহৰ দৰেই হুবহু মাত মাতিব পাৰে ৷ এইটোৱেই বিশেষত্ব চৰাইটোৰ । সামান্য ক’লা মুগা বৰণৰ শালিকা চৰাইতকৈ কিছু ডাঙৰ, দীঘলনেজীয়া, চুটি ঠোঁটৰ এই চৰাইটোক লৈ এতিয়া সকলোৰে মনত বাঢ়িছে উৎসুকতা ৷ কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতো কলিয়াবৰৰ ধনেখোৱা নামৰ গাঁওখনত মানুহে ভিৰ কৰিছে চৰাইটো প্ৰত্যক্ষ কৰাৰ লগতে কথা শুনিবলৈ ।

এতিয়া ক’ভিড প্ৰ’ট’কলৰ সময়তো সান্ধ্য আইনৰ মাজতে জাকে জাকে মানুহ আহে ধনেখোৱা গাঁৱৰ চৰাইটো আহি জিৰোৱা সেই এজোপা বিশেষ গছৰ তললৈ । সকলোৰে আকৰ্ষণ এই বিশেষ বনৰীয়া চৰাইটো । চৰাইটোৱে হেনো মানুহৰ দৰে কথা ক’ব পাৰে । গাওঁখনৰ দুই এজনৰ লগত কথাও পাতে। কাকা-কাকা বুলি মাতি কথা পাতে বেংগলী ভাষাত ।

গছজোপাত জিৰোৱা তিনিটা চৰাইৰ মাজত এটা চৰাইয়েহে মানুহৰ দৰে কথা কয়, তাকো সকলো সময়তে নহয় । সকলোৰে ক্ষেত্ৰত নঘটে চৰাইটোৰ মাত শুনাৰ ভাগ্য । একাংশৰ মতে এয়া ভীমৰাজ নামৰ চৰাইবিধৰে এক প্ৰজাতি ৷ সাধাৰণতে ‘ৰকেটনেজীয়া ভীমৰাজ’ আৰু ‘খোলা নেজীয়া ভীমৰাজ’ বুলি ভীমৰাজৰে দুটা প্ৰজাতি দেখা যায় অসমৰ অৰণ্যত ৷

এই ভীমৰাজ চৰায়েই কোনো কোনো সময়ত ‘মাউথ অৰ্গেনৰ’ দৰে শব্দ কৰে বুলি পক্ষীবিদসকলে মন্তব্য কৰিছে ৷ ইয়াৰ লগতে স্থানীয় ৰাইজে পিছে কুকুহা চৰাই হিচাবে চিনাক্ত কৰিছে চৰাইটোক ৷ কিন্তু দীঘল নেজীয়া চৰাইটোলৈ লক্ষ্য কৰি ই কুকুহাযেন নালাগে ৷ অৱশ্যে ৰঙৰ সাদৃশ্য আছে ৷

স্থানীয় ৰাইজৰ ধাৰণা চামগুৰি অনুসৰি বিধানসভাৰ অন্তৰ্গত লাওখোৱা অঞ্চলৰ কোনো ব্যক্তিয়ে চৰাইটো পুহিছিল আৰু কিবা সুৰুঙা পাই চৰাইটো ওলাই আহি ধনেখোৱা গাঁৱত আশ্ৰয় লৈছেহি । এতিয়াও এই বিশেষ চৰাইটো চাবলৈ, তাৰ মাত শুনিবলৈ দলদোপ-হেন্দোলদোপ লগাইছে অঞ্চলবাসী ৰাইজে ৷ অৱশ্যে নিৰ্দিষ্ট অধ্যয়নৰ পাছতহে পোহৰলৈ আহিব চৰাইটোৰ কথনভংগীৰ প্ৰকৃত ৰহস্য ৷

Exit mobile version