কাশ্মীৰত বিএছএফ জোৱানসকলক সাক্ষাৎ অক্ষয়ৰ, মাস্ক পৰিধান নকৰি বিতৰ্কৰ সন্মুখীন হ’ল অভিনেতাগৰাকী

akshay kumar goes to meet bsf jawans

বলীউডৰ অভিনেতা অক্ষয় কুমাৰ সদায় তেওঁৰ দেশপ্ৰেমৰ বাবে জনপ্ৰিয় হৈ আহিছে । অভিনেতাগৰকীক বহুতো দেশপ্ৰেমমূলক চলচ্চিত্ৰত অভিনয় কৰা দেখা যায়।

অভিনেতাজনক অলপতে বিএছএফ শিবিৰত দেখা গৈছে। তাত গৈ জোৱানসকলক লগ কৰি কঁকাল ভাঙিলে অভিনেতাগৰাকীয়ে।তাতে বিতৰ্কত লিপ্ত হ’ল ‘খিলাড়ী’।

তথ্য অনুসৰি অক্ষয় কুমাৰে বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰা জিলাৰ এটা বিএছএফ শিবিৰ পৰিদৰ্শন কৰিছিল । অক্ষয়ৰ হেলিকপ্টাৰ দুপৰীয়া প্ৰায় ১২ বজাত তুলাইৰ নেৰু গাঁৱত উপস্থিত হয়।

তেওঁক তাত সেনা আৰু বিএছএফ জোৱানসকলৰ স’তে সময় কটোৱা দেখা গৈছে। উত্তৰ কাশ্মীৰৰ গুৰেজ চেক্টৰত হেলিকপ্টাৰত অৱতৰণ কৰা অক্ষয়ৰ এটা ভিডিঅ’ বিএছএফৰ দ্বাৰা টুইটাৰত প’ষ্ট কৰা হৈছিল।

অক্ষয়ে তেতিয়া শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বিএছএফৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাংৰা নাচি থাকোতে তেওঁক জোৱানসকলৰ স’তে ভৰি জোকাৰি থকাও দেখা গৈছে।

তাৰ পাছত অক্ষয়ে সেনা জোৱানসকলৰ স’তে সময় কটোৱাৰ এখন ফটো প’ষ্ট কৰি লিখিছিল, “সীমান্ত ৰক্ষীৰ স’তে সীমান্তত সময় কটোৱাৰ স্মৰণীয় মুহূৰ্ত।ইয়ালৈ অহাটো সদায় এক বেলেগ অভিজ্ঞতা। মোৰ হৃদয় তেওঁলোকৰ প্ৰতি সন্মানেৰে ভৰি আছে ।”

সামাজিক মাধ্যমত বহুতে অক্ষয়ক প্ৰশংসা কৰিছিল যদিও তাত বিতৰ্কও সৃষ্টি হয়। ভিডিঅ’টোত মাস্ক নথকাৰ বাবে বহুতে অক্ষয়ক প্ৰশ্ন কৰিছিল। কৰ’নাৰ সময়তো বলীউডৰ অভিনেতাজনে মুখত মাস্ক কিয় পিন্ধা নাই ?

Exit mobile version