চিৰাঙৰ বিজনীৰ কাৱাটীকাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ড্ৰাগছসহ আটক এজন

চিৰাং জিলাৰ বিজনীৰ কাৱাটীকাত বৃহস্পতিবাৰে নিশা কাৱাটীকাৰ এঘৰত অভিযান চলাই আব্দুল গনিৰ(২৩) ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৭০.৩৩ মি:গ্ৰা ড্ৰাগছ ।

ADVERTISEMENT

আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আব্দুল গনিৰ ঘৰত অভিযান চলাই জব্দ কৰে নিষিদ্ধ ড্ৰাগছখিনি । জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আৰু মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী আব্দুল গনিক আটক কৰি বিজনী থানালৈ লৈ যায়।

Exit mobile version