পৰ্যটকৰ বাবে বন্ধ গোৱাৰ দুৱাৰ !

Goa

কৰ’নাৰ দ্বিতীয় ঢৌৰ ফলত বিধ্বস্ত হৈছে সমগ্ৰ ভাৰত । সংক্ৰমণ হ্ৰাস পাইছে যদিও কিন্তু মৃত্যুৰ সংখ্যা অব্যাহত আছে। অৱশ্যে, দেশৰ কেবাখনো ৰাজ্য কৰ’নাবিধিত শিথিলতা আনিলেও গোৱা প্ৰশাসনে এই ক্ষেত্ৰত এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

যেতিয়ালৈকে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকে কৰ’নাৰ প্ৰথম পালি গ্ৰহণ নকৰে, ৰাজ্যখনৰ সীমা পৰ্যটকৰ বাবে বন্ধ থাকিব। বৃহস্পতিবাৰে এই কথা জনালে গোৱা ৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে । গোৱা চৰকাৰে টিকাকৰণ সম্পূৰ্ণ কৰাৰ সময়সীমা ৩০ জুলাই নিৰ্ধাৰণ কৰিছে। অৰ্থাৎ, ইয়াৰ মাজত গোৱা যাবলৈ পৰিকল্পনা কৰি লাভ নাই।

এপ্ৰিল-মে মাহৰ পৰা, সমগ্ৰ দেশতে কৰ’নাৰ দ্বিতীয় ঢৌৰ আহি পৰিছে । উত্তৰ প্ৰদেশ, দিল্লীকে ধৰি কেবাখনো ৰাজ্যত সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ আছে। দেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলীবোৰৰ ভিতৰত এটা, গোৱাৰো কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে। এই পশ্চিমীয়া ৰাজ্যখনত এই পৰিস্থিতিত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল। অৱশ্যে, বৰ্তমান পৰিস্থিতি আগৰ তুলনাত যথেষ্ট উন্নত হৈছে। কিন্তু গোৱাই এতিয়া পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰা নাই।

প্ৰমোদ সাৱন্তে কয়, “কৰ’না ভেকছিনৰ প্ৰথম পালি সম্পূৰ্ণ নহ’লে গোৱাত পৰ্যটন ক্ষেত্ৰ খোলা নহ’ব। আমাৰ লক্ষ্য হৈছে ৩০ জুলাইৰ ভিতৰত ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিক কৰ’না টিকাৰ প্ৰথম পালি দিয়া। ৩০ জুলাইৰ পাছতহে পৰ্যটকৰ বাবে গোৱা মুকলি কৰা হ’ব নে নাই সেয়া সিদ্ধান্ত লোৱা হ’ব ।”

পৰ্যটন উদ্যোগৰ বহুতে অলপতে গোৱাৰ মুখ্যমন্ত্ৰীক লগ কৰিছিল। তেওঁলোকে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অহা বছৰৰ মাৰ্চ লৈকে গোৱাত অনুষ্ঠিত ডাঙৰ ডাঙৰ অনুষ্ঠান (হুনাৰ হাট, চানবাৰ্ণ) নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছিল।

Exit mobile version