ব্ৰিটেইনত বৃদ্ধি পাইছে ডেল্টা প্ৰজাতিৰ সংক্ৰমণ, আনলক প্ৰক্ৰিয়া এমাহলৈ বৃদ্ধি

2020 12 20T161751Z 604894869 RC24RK9D04S0 RTRMADP 3 HEALTH CORONAVIRUS BRITAIN

ভাইৰাছ ৰোধ কৰিবৰ বাবে টিকাই একমাত্ৰ সম্বল । সেয়ে প্ৰতিষেধক ক্ৰয় কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে আঢ্যবন্ত দেশসমূহে । ইয়াৰ পাছতো পৰিত্ৰাণ পোৱা নাই দেশসমূহে । স্বাভাৱিক জীৱন যাপন কৰাত বাধা হৈ থিয় দিছে ডেল্টা ষ্ট্ৰেনে । হোৱাইট হাউচৰ প্ৰাক্তন পৰামৰ্শদাতা এণ্ডি শ্লেভিটৰে কয়, ‘ষ্টেৰ‌ইড লৈ যেন অধিক শক্তিশালী হৈ পৰিছে ক’ভিড !’

বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্সন (চিডিচি)য়ে পূৰ্বেই ‘ভেৰিয়েণ্ট অৱ কনচাৰ্ন’ হিচাপে চিহ্নিত কৰিছিল । শ্লেভিটে কয়, ‘এইটো অধিক ক্ষতিকাৰক ষ্ট্ৰেন । ক’ভিডে যেন ষ্টেৰ‌ইডহে লৈছে । সামান্য সময় সংক্ৰমিত লোক এজনৰ সংস্পৰ্শত আহিলেও আপুনি সংক্ৰমিত হ’ব পাৰে ।’ তেওঁ লগতে কয় যে, প্ৰতিষেধক লোৱা থাকিলে বহুগুণে ভয় কমে ।

সম্প্ৰতি আমেৰিকাত কৰ’না আক্ৰান্তৰ ১০ শতাংশই ডেল্টা ষ্ট্ৰেনত আক্ৰান্ত । কিন্তু এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি আশংকা প্ৰকাশ কৰিছে জ’ বাইডেনে চৰকাৰৰ আন এক বিশেষজ্ঞ, ছাৰ্জন জেনেৰেল বিবেক মূৰ্তি । তেওঁ কয়, ‘তথ্য অনুসৰি, এই ষ্ট্ৰেনত আক্ৰান্ত ৰোগীসকলে অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । বিষয়টো ভালকৈ পৰ্যৱেক্ষণ কৰিব লাগিব । পৰ্যালোচনা কৰিব লাগিব ব্ৰিটেইনত এই ষ্ট্ৰেনটোৱে কিয় প্ৰধান সংক্ৰামক হৈ উঠিছে ।’

বিগত কিছু সপ্তাহত ব্ৰিটেইনত দ্ৰুতগতিত ডেল্টা ষ্ট্ৰেনৰ সংক্ৰমণ বৃদ্ধি পাইছে । এক নতুন গৱেষণাত পৰ্যৱেক্ষণ কৰি পোৱা গৈছে যে, ব্ৰিটেইনত প্ৰতি ১১ দিনৰ অন্তৰত ক’ভিড সংক্ৰমিতৰ সংখ্যা দ্বিগুণ বৃদ্ধি হয় । ফলত এই ষ্ট্ৰেনটো হৈ উঠিছে দেশৰ মূল সংক্ৰামক ষ্ট্ৰেন ।

ইম্পেৰিয়েল কলেজ অৱ লণ্ডনে বিষয়টো ‘ৰিয়েল-টাইম এছেছমেণ্ট অৱ কমিউনিটী ট্ৰান্সমিছন’ পদ্ধতিত বিশ্লেষণ কৰি লাভ কৰিছে । তেওঁলোকে ২০ মে’ৰ পৰা সাত জুন পৰ্যন্ত বাৰে বাৰে গৈ এক লাখ স্বাব টেষ্ট কৰিছে । এই পৰীক্ষণৰ পাছত ০.১৫ শতাংশৰ শৰীৰত মাৰাত্মক ভাইৰাছৰ উপস্থিতি লাভ কৰে । বা এনেদৰেও ক’ব পাৰি, ৬৭০ জনৰ ভিতৰত এজনৰ শৰীৰত ভাইৰাছবিধ পোৱা গৈছে । ইয়াৰ দ্বাৰা তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে, সংক্ৰমণ, হাস্পতালত ভৰ্তি বা মৃত্যুৰ সংখ্যা ফেব্ৰুৱাৰীৰ পৰা হ্ৰাস পাইছিল । কিন্তু এপ্ৰিলৰ পৰা পুনৰ পৰিস্থিতি পৰিৱৰ্তন হৈছে ।

ইম্পেৰিয়েল কলেজ অৱ লণ্ডনৰ গৱেষণাৰ স’তে জড়িত অধ্যাপক পল এলিয়টে জনায়, তেওঁলোকে যথেষ্ট সৱল প্ৰমাণ লাভ কৰিছে । এইটো স্পষ্ট যে ১১ দিনৰ অন্তৰালত সংক্ৰমিতৰ সংখ্যা দ্বিগুণ বৃদ্ধি হৈছে ব্ৰিটেইনত ।

সম্প্ৰতি সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবেই তলাবন্ধ সম্পূৰ্ণ প্ৰত্যাহাৰ কৰাৰ সময় এমাহলৈ বৃদ্ধি কৰিলে ব্ৰিটেইন প্ৰশাসনে । এনে পৰিস্থিতিত বিশেষজ্ঞসকলৰ এটাই আশ্বাস দ্ৰুতগতিত প্ৰতিষেধকৰ দ্বিতীয় পালি প্ৰদান কাৰ্য সম্পন্ন কৰিব লাগে ।
ৰাছিয়াৰ দাবী, তেওঁলোকৰ প্ৰতিষেধক স্পুটনিক-ভি ডেল্টা প্ৰজাতিৰ বিৰুদ্ধেও কাৰ্যকৰী । সেয়ে প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থাবোৰক বুষ্টাৰ শ্বট বা দ্বিতীয় পালি দিবলৈ প্ৰস্তুত তেওঁলোক । আমেৰিকা আৰু ব্ৰিটেইনত ডেল্টা ষ্ট্ৰেনৰ সংক্ৰমণ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় ৰাছিয়াই ।

Exit mobile version