ৰাইজৰ সেৱাৰ বাবে ই-ৰিক্সা কিনিলে ৰিক্সাৱালা বিধায়কে

Manoranjan Byapari

পেছাত তেওঁ এজন ৰিক্সাৱালা। দিন অতিবাহিত কৰিছিল ৰেল ষ্টেচনত । জীৱিকা নির্বাহৰ বাবে এসময়ত তেওঁ দিন হাজিৰাও কৰিছিল।

কিন্তু এইজন ৰিক্সাৱালা-শ্রমিক এতিয়া পশ্চিমবংগৰ এজন বিধায়ক। তৃণমূল কংগ্ৰেছৰ টিকটত হুগলিৰ বলাগড় সমষ্টিৰ পৰা মনােৰঞ্জন বেপাৰী বিধানসভাৰ বিগত নির্বাচনত বিধায়ক নির্বাচিত হৈছিল।

দক্ষিণ ২৪ পৰগনাৰ সােণাৰপুৰত ৰিক্সা চলাই জীৱিকা নির্বাহ কৰা এইজন তৃণমূল কংগ্ৰেছৰ বিধায়কে নির্বাচনত জয়ৰ পাছত ক্ৰয় কৰিলে এখন বেটাৰীচালিত ই-ৰিক্সা ।

ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত বিধায়ক বেপাৰীয়ে কয়, ‘আজি মই এখন টোটো ৰিক্সা কিনিলাে। অন্যসকল জন্মগত নেতা, বিধায়ক— তেওঁলােকৰ কথা সুকীয়া। আমি ৰিক্সাৱালা, শ্ৰমিকৰ সন্তান। আমি বাবুগিৰি দেখুৱালে শােভা নাপায়। মানুহৰ স’তে একেলগে থকাৰ উদ্দেশ্যৰে মই এইখন ই-ৰিক্সা ক্ৰয় কৰিছাে ।

ভৰিৰে এতিয়া খােজকাঢ়িবলৈ মই কষ্ট অনুভৱ কৰাে। সেয়েহে নিজে চলাই ই-ৰিক্সাৰে প্ৰয়ােজনত বিভিন্ন ঠাইলৈ যাম। ‘বেপাৰীয়ে লগতে কয় যে ৰাইজে তেওঁক দিয়া দান- বৰঙণিৰ ধনৰ জৰিয়তে এইখন ই-ৰিক্সা তেওঁ ক্রয় কৰিছে।

Exit mobile version