ক’ভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ‘ফ্লাইং শিখ’ মিলখা সিঙে

980411 milkha singh

অৱশেষত ক’ভিডত পৰাস্ত হৈ আক্ৰান্ত হোৱাৰ ৩০ দিনৰ পাছত শেষ নিশ্বাস ত্যাগ কৰে মিলখা সিঙে ।তেওঁৰ বয়স আছিল ৯১ বছৰ। এই কঠিয়া সদৰী কৰে তেওঁৰ পুত্ৰ গল্ফাৰ জীৱ মিলখা সিঙে ।

শুক্ৰবাৰে নিশা পিজিআইএমআৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পাঁচ দিনৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ তেওঁৰ পত্নী নিৰ্মল কৌৰৰও মৃত্যু হয়।

১৯৫৮ চনৰ কমনৱেলথ গেমছ চেম্পিয়ন হৈছিল ‘ফ্লাইং শিখ’ মিলখা। ১৯৬০ চনত ৰোম অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ।মিলখা চতুৰ্থ হৈছিল আৰু চতুৰ্থজনৰ বাবে কোনো পদক পোৱা নাছিল ।১৯৫৯ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।

যোৱা ২০ মে’ত ক’ভিডত আক্ৰান্ত হয় মিলখা সিং । ঘৰৰ এক পৰিচাৰকৰ দ্বাৰা সংক্ৰমিত হৈছিল মিলখা আৰু তেওঁৰ পত্নী । তেওঁক চাৰি দিনৰ পাছত ২৪ মে’ত মোহালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ৩০ মে’ত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

কিন্তু মিলখাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কম হোৱাৰ বাবে তিনি জুনত পিজিআইএমআৰৰ নেহৰু চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়। বৃহস্পতিবাৰে তেওঁৰ ক’ভিড পৰীক্ষাৰ ফলাফল ,নিগেটিভ হৈছিল। তেওঁক ক’ভিড আইচিইউৰ পৰা সাধাৰণ আইচিইউলৈ স্থানান্তৰ কৰা হয়। কিন্তু শেষত চিকিৎসকসকলৰ সকলো প্ৰচেষ্টা বিফল কৰি মৃত্যু হয় মিলখা সিঙৰ।

Exit mobile version