কৰ’নাৰ তৃতীয় ঢৌ অনিবাৰ্য, অপেক্ষা ছয় -সাত সপ্তাহৰ, সতৰ্কতা দিলে, এইমছৰ প্ৰধান

152828 frstkwbzai 1609684030

অহা ছয়ৰ পৰা আঠ সপ্তাহৰ ভিতৰত কৰ’নাৰ তৃতীয় ঢৌৱে ভাৰতত আঘাত কৰাৰ সম্ভাৱনা আছে। দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) সঞ্চালক ৰণদীপ গুলেৰিয়াই শনিবাৰে এনে ধৰণৰ আশংকা প্ৰকাশ কৰে।

তেওঁৰ কয়, “ক’ভিড সংক্ৰমণৰ তৃতীয় ঢৌত আঘাত অনিবাৰ্য। এই পৰিস্থিতিত, বৃহৎ জনসংখ্যা থকা এই দেশৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে টিকাকৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰা ।”

তেওঁ এইটোও কয় যে কভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় টিকাৰ মাজৰ সময়ৰ ব্যৱধান বৃদ্ধিয়ে কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে । লগতে তেওঁ প্ৰথম আৰু দ্বিতীয় ঢৌৰ বিষয়টো উত্থাপন কৰি ‘আনলক’ পৰ্যায়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ কয়।

বিভিন্ন ৰাজ্যত তলাবন্ধৰ সীমাবদ্ধতা ইতিমধ্যে শিথিল কৰা হৈছে। এই সন্দৰ্ভত এইমছৰ মুৰব্বীয়ে মন্তব্য কৰে, “আমি দ্বিতীয় ঢৌৰ উদাহৰণৰ পৰা শিকিব লাগিব। ৰণদীপে তৃতীয় ঢৌ অহাৰ আগতে সংক্ৰমণৰ হটস্পট চিনাক্ত কৰা আৰু ক’ভিড পৰীক্ষা আৰু চিকিৎসা আন্তঃগাঁথনি বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও কয়।

এইমছৰ সঞ্চালক ৰণদীপে কিছুদিন পূৰ্বে কয় যে টিকাকৰণ আৰু শৰীৰত প্ৰাকৃতিক ভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিয়ে তৃতীয় ঢৌৰ তীব্ৰতা সামান্য হ্ৰাস কৰিব। শেহতীয়াকৈ, কেবাজনো চিকিৎসা বিজ্ঞানী আৰু চিকিৎসকে কয় যে যদিও দ্বিতীয় ঢৌৰ তুলনাত কম শক্তিশালী,চলিত বছৰৰ অক্টোবৰত কৰ’না সংক্ৰমণৰ তৃতীয় ঢৌৱে দেশত আঘাত কৰিব পাৰে।

অৱশ্যে, শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ক’ভিড টাস্ক ফ’ৰ্চে জনাইছে যে তৃতীয় ঢৌত সংক্ৰমিত লোকৰ সংখ্যা দ্বিতীয় ঢৌতকৈ দুগুণ হ’ব পাৰে। তেওঁলোকে এই পৰিস্থিতিত টিকাকৰণৰ গতি বৃদ্ধিৰ পৰামৰ্শ দিছিল।

দৰাচলতে, ভাৰতত এতিয়ালৈকে মাত্ৰ পাঁচ শতাংশ লোকে দুটা ভেকছিন লাভ কৰিছে। কেন্দ্ৰই ডিচেম্বৰ লৈকে দেশৰ ১০৮ কোটি লোকক টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Exit mobile version