তেলেংগনাত সম্পূৰ্ণ আনলক

Corona outbreak 4 20201027 402 602

তেলেংগানাত কৰ’না সংক্ৰমণৰ হাৰ যথেষ্ট হ্ৰাস পোৱাৰ বাবে তলাবন্ধ উঠাই লোৱাৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে শনিবাৰে দুপৰীয়াৰ পাছত এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হয়।

শনিবাৰে চলিত তলাবন্ধৰ ম্যাদ শেষ হোৱাৰ কথা আছিল, সেই সময়তে নিষেধাজ্ঞা উঠাই লোৱাৰ কথা ঘোষণা কৰা হয়। দেশত ক’ভিডৰ দ্বিতীয় ঢৌ বিয়পি পৰাৰ পাছত এইখন প্ৰথম ৰাজ্য য’ত সম্পূৰ্ণ তলাবন্ধ উঠাই লোৱা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জানিবলৈ দিয়ে, “ৰাজ্যখনত কৰ’না সংক্ৰমণ হ্ৰাস পাইছে । হ্ৰাস পাইছে সংক্ৰমণৰ হাৰ । কৰ’না পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। সেইকাৰণে তলাবন্ধৰ প্ৰয়োজনীয়তাৰ কথা চিকিৎসকসকলৰ স’তে আলোচনা কৰা হৈছে। তাৰ পাছত তলাবন্ধৰ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে ।”

তেলেংগানা চৰকাৰৰ কেবিনেটে শুক্ৰবাৰে কৰ’না পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আলোচনা কৰিছিল। বাৰিষাকালত কৃষিক্ষেত্ৰত তলাবন্ধৰ প্ৰভাৱৰ ওপৰত বিতং আলোচনা হয়। তাৰ পৰাই এই সিদ্ধান্তটো লোৱা হয়। বৰ্তমানৰ বাবে, সকলো চৰকাৰী বিভাগক সকলো নিষেধাজ্ঞা উঠাই ল’বলৈ আৰু ৰাজ্যখন আগৰ অৱস্থালৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।

Exit mobile version