ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিভিন্ন আঁচনিৰ বগা চাউলৰ চোৰাং কাৰবাৰ

WhatsApp Image 2021 06 19 at 9.03.55 PM

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিভিন্ন আঁচনিৰ বগা চাউলৰ চোৰাং কাৰবাৰ হৈছে । ধুবুৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ নদী পথেৰে দক্ষিণ শালমাৰা লৈ যোৱাৰ পথত জব্দ কৰা হয় চোৰাং চাউল ভৰ্তি এখন নাওঁ।

ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ নদী পথত চলাইছিল অভিযান । আৰক্ষীয়ে অভিযানত চাউলৰ স’তে আটক কৰে দুজন লোকক (নাওৰীয়া)।

অধিক তথ্য উদ্ঘাটনৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে ধৃত নাওৰীয়া বাছেৰ আলী আৰু ছবিয়াল শেখক। দুয়োৰে ঘৰ বিৰসিং চৰত।

অভিযোগ অনুসৰি ধুবুৰীৰ এফ চি আইৰ পৰা চাউল সমূহ ট্ৰাকেৰে নি নদী পথেৰে দক্ষিণ শালমাৰাৰ বিভিন্ন সমবায় সমিতি লৈ নিয়াৰ নামত চাউল সমূহ মেঘালয় আৰু বাংলাদেশলৈ চোৰাং চালান কৰা হয়।

কুখ্যাত চাউল মাফিয়া উত্তম সাহৰ নেতৃত্বত চলিছে বগা চাউলৰ এই বৃহৎ কলা বজাৰ।

Exit mobile version