পাঠশালাত বিষ্ণু ৰাভাৰ দিৱস উদ্‌যাপন

কচুপাতত সৈনিক বিষ্ণু প্ৰসাদ ৰাভাৰ চিত্ৰ অংকন চিত্ৰশিল্পী প্ৰণৱ তহবিলদাৰৰ

WhatsApp Image 2021 06 20 at 7.17.39 PM

কৰ’না মহামাৰীৰ মাজতো সমগ্ৰ ৰাজ্যৰ লগতে পাঠশালাতো বিষ্ণু ৰাভা দিৱস উদ্‌যাপন কৰা হয় । চৰকাৰী নীতি নিয়মৰ মাজেৰে পুৱা কলাগুৰু আৰ্ট একাডেমীৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে কলাগুৰু একাডেমীৰ সঞ্চালক মৃন্ময় পাঠকে। বন্তি প্ৰজ্বলন কৰে শিক্ষক স্বপ্নদ্বীপ খাটনিয়াৰ আৰু নয়ন চৌধুৰীয়ে ।

বিষ্ণু ৰাভাৰ বিষয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীক বহলাই কয় কলাগুৰু ডাঞ্চ একাডেমীৰ অধ্যক্ষা মুনমী ভড়ালীয়ে। ভিন্ন প্ৰান্তৰ লগতে বজালীৰ পাঠশালাতো ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ৷ বিশেষ দিনটোতে কলাগুৰুক স্মৰণ কৰি কচুপাতত শিল্পী সৈনিক বিষ্ণু প্ৰসাদ ৰাভাৰ চিত্ৰ অংকন কৰিলে কলাগুৰু আৰ্ট একাডেমীৰ ছবি শিক্ষক প্ৰণৱ তহবিলদাৰে।

বজালীৰ যুৱ সমাজৰ স্বেচ্ছাসেৱী অনুষ্ঠান Youths of Pathsala ক্লাৱৰ তৰফৰ পৰাও বজালী জিলাৰ শিল্প কৰ্মৰ লগত জড়িত জ্যেষ্ঠ শিল্পীসকলক সম্বৰ্ধনা জনায় । বজালীৰ জ্যেষ্ঠ সংগীত শিল্পী দশৰথ দাস, বিশিষ্ট লোকগীতৰ শিল্পী বসন্ত পাটগিৰী, চিত্ৰশিল্পী হাৰুণ আলী, ভায়োলিন বাদক দীপক বৰুৱাৰ লগতে দেৱদাসীৰ সাধক গিৰীশ চন্দ্ৰ তালুকদাৰ আৰু বিশেষভাৱে সক্ষম শিল্পী বীৰেণ দাসক ঘৰে ঘৰে গৈ গামোচা, মানপত্ৰ, কলমেৰে সম্বোৰ্ধনা জনায় ।

ইপিনে, পাঠশালাৰ অগ্ৰনী সামাজিক অনুষ্ঠানত উদয়ন সংঘৰ বাকৰিতো ৰাভা দিৱস উদ্‌যাপন কৰা হয় । বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটো আৰম্ভ কৰে সাংস্কৃতিক কৰ্মী সতীশ তালুকদাৰে । সংঘৰ সাধাৰণ সম্পাদক ৰত্নকান্ত ৰয়ে আতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে সংঘৰ উপ-সভাপতি উৎপল দাস, সম্পাদক ৰাতুল ৰয়কে ধৰি কে’বাগৰাকীও বিশিষ্ট ব্যক্তি ।

Exit mobile version