প্লাষ্টিকৰ পৰা ভেনিলা প্ৰস্তুত কৰি প্ৰদূষণ হ্ৰাস কৰাৰ পথ প্ৰশস্ত কৰিছে বিজ্ঞানীয়ে

190607211423 12 india plastic waste intl live video

হয়তো আৰু বেছি দিন নাই, যেতিয়া প্লাষ্টিকৰ বটলৰ পৰাই প্ৰস্তুত কৰা হ’ব সুগন্ধি ভেনিলা ! আইস্ক্ৰিমো তৈয়াৰ কৰা হ’ব ।

নষ্ট কৰা বা ৰূপান্তৰ কৰা অসম্ভৱ হোৱাৰ বাবে প্লাষ্টিক প্ৰদূষণৰ যি সমস্যাই সকলোকে চিন্তিত কৰি আহিছে । এই চিন্তাৰ পৰা মুক্তি পোৱাৰ ‌পথ প্ৰদৰ্শন কৰিছে সাম্প্ৰতিক এক আৱিষ্কাৰে । যিয়ে কম খৰচতে বৰ্জ্য প্লাষ্টিকক ৰূপান্তৰ কৰিব মানুহৰ অত্যন্ত প্ৰয়োজনীয় দ্ৰব্য ভেনিলিনত । যি খাদ্য, প্ৰসাধন, ঔষধ, গৃহ আৰু আচবাব পৰিষ্কাৰ কৰা সামগ্ৰী আৰু বিভিন্ন ভেষজনাশক (হাৰ্বিছাইড্) তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় উপাদান ।

বৰ্জ্য প্লাষ্টিকক এইদৰে বহু কম খৰচত পৰিৱেশৰ পৰা সমাপ্ত কৰি দিব পৰা যাব । ফলত পুখুৰী, নদী, সাগৰ-মহাসাগৰত প্লাষ্টিকৰ আৱৰ্জনাক লৈ বিশ্বৰ সৰ্বত্ৰত যি উদ্বেগৰ সৃষ্টি হৈ আহিছে, এই আৱিষ্কাৰে আগন্তুক সময়ত ইয়াৰ পৰা মুক্তি পোৱাৰ পথ প্ৰশস্ত কৰিব বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

এডিনবৰা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ গৱেষণাপত্ৰখন প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘গ্ৰীণ কেমিষ্ট্ৰি’ত । বৰ্জ্য প্লাষ্টিকক এনেদৰে মানুহৰ কাৰ্যত ব্যৱহৃত পদাৰ্থত ৰূপান্তৰ কৰি পৰিৱেশৰ বিষ কম কৰিবৰ বাবে গৱেষকসকলে ব্যৱহাৰ কৰিছে এক বিশেষ ধৰণৰ বেক্টেৰিয়া । যাৰ নাম ‘ই ক’লি’ ।

তেওঁলোকে প্ৰথমে লক্ষ্য কৰে যে, এই বেক্টেৰিয়াৰ জিনত কিছু সালসলনি কৰি ইয়াক অধিক শক্তিশালী কৰিলে, ই ক’লিয়ে সহজেই বতাহৰ পৰা বৰ্জ্য প্লাষ্টিকৰ বিষ শোষণ কৰিব পাৰে ।

ইয়াৰ পূৰ্বে অন্যান্য গৱেষণাত পোৱা গৈছিল, প্লাষ্টিক ক্ষয় হৈ দীৰ্ঘসময়ৰ পাছত টেৰেফথেলিক এচিদত ৰূপান্তৰিত হয় । এই এচিদ বিষাক্ত । ফলত ই পানী আৰু পৰিৱেশৰ বাবে অধিক বিপজ্জনক হৈ উঠে ।

ইমান দিনে, এই টেৰিফথেলিক এচিদক মানুহৰ ব্যৱহাৰযোগ্য কোনো পদাৰ্থত ৰূপান্তৰিত কৰিব নোৱাৰাৰ বাবেই প্লাষ্টিক প্ৰদূষণ অত্যন্ত চিন্তাৰ বিষয় হৈ থিয় দিছিল । গৱেষকসকলে জনাইছে, সম্প্ৰতি বিশ্বত প্ৰতি মিনিটত ১০ লাখ প্লাষ্টিকৰ বটল বিক্ৰী হয় । ইয়াৰ মাত্ৰ ১৪ শতাংশহে আধুনিক প্ৰযুক্তিৰ দ্বাৰা পুনৰ্ব্যৱহাৰ কৰা সম্ভৱ । সেই পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হয় বস্ত্ৰ আৰু কাৰ্পেট নিৰ্মাণ উদ্যোগত ।

ভাৰতক এই প্ৰদূষণৰ পৰা মুক্ত কৰিবৰ বাবে সম্প্ৰতি ‘ইণ্ডিয়া প্লাষ্টিক চেলেঞ্জ – হেকাথন ২০২১’ নামে এক কাৰ্যসূচী ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেড়কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনায়, তেওঁৰ চৰকাৰৰ লক্ষ্য ২০২২ৰ ভিতৰত ভাৰতক ছিংগল ইউজ, অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰিব লাগিব । ৪০ মাইক্ৰ’নৰ কম ঘনত্বৰ প্লাষ্টিকৰ বেগ তৈয়াৰ কৰাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হিচাপ অনুযায়ী, দেশত প্ৰতিদিনে গড়ে প্ৰায় ২৬,০০০ টন প্লাষ্টিক উৎপাদন হয় । ইয়াৰ ভিতৰত প্ৰায় ১০,০০০ টনেই সংগৃহীত নহয় ।

এই উদ্বেগজনক পৰিস্থিতিত এই গৱেষণাই ভিন্ন মাত্ৰা লাভ কৰিছে । গৱেষকসকলে দেখে যে, ই ক’লি বেক্টেৰিয়াই ৩৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত এদিনত বিষাক্ত টেৰেফথেলিক এচিদক সুগন্ধি ভেনিলিনত পৰিৱৰ্তন কৰিব পাৰে । এইটো ভেনিলাৰ প্ৰধান উপাদান । বিশ্বত মূলতঃ কয়লা বা খনিজ তেলৰ দৰে জীৱাশ্ম ইন্ধনৰ পৰা লাভ কৰা ৰাসায়নিক দ্ৰৱ্যৰ পৰা ভেনিলা প্ৰস্তুত কৰা হয় । প্ৰয়োজনৰ তুলনাত যি খুবেই অপ্ৰতুল । কিন্তু জীৱাশ্ম ইন্ধনেই সম্প্ৰতি গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে সভ্যতাৰ । ইয়াৰ ব্যৱহাৰো বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

Exit mobile version