বিচনাকে ১৮ বছৰধৰি জীৱন সংগী কৰি লোৱা দুই ভাতৃৰ এক হৃদয় বিদাৰক কাহিনী

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ ভাঠিপাৰা গাঁৱৰ এটি পৰিয়ালৰ দুই ভাতৃৰ কৰুণ গাথাঁ শুনি আপুনিও হয়তো চকুলো টুকিব । ভাঠিপাৰা গাঁৱৰ সাধাৰণ কৃষক অতুল চৌধুৰীৰ দুই পুত্ৰ ক্ৰমে নয়ন চৌধুৰী আৰু তপন চৌধুৰীৰ এক হৃদয়বিদাৰক ঘটনা ।

সুঠাম-সতেজ যুৱক দুজনৰ জীৱনলৈ হঠাতে নামি আহিল এক ঘোঁৰা অমানিষা । স্কুলীয়া জীৱনত খেলা-ধূলা কৰি সুনাম অৰ্জন কৰাৰ লগতে পিতৃক খেতিপথাৰত সহায় কৰা নয়ন আৰু তপন এতিয়া আনৰ ওপৰত নিৰ্ভৰশীল ।

১৮ বছৰ পূৰ্বে অগা-পিছাকৈ দুই ভাতৃৰ ভৰী আৰু হাত দুয়োখন ক্ৰমাৎ সিনাই-সৰু হোৱাত হঠাতে অকামিলা হৈ পৰে । সিহঁত দুয়োৰে এনে ঘটনা দেখি পিতৃ-মাতৃ বলিয়াৰ দৰে হৈ পৰি বহু ডাক্তৰ-কবিৰাজৰ কাষলৈ গ’ল । কিন্তু ইতিমধ্যে দুই পুত্ৰক সুস্থ কৰিবলৈ বিছাৰি ঘৰৰ যিখিনি মাটি-বাঢ়ি আছিল সেয়াও বিক্ৰী কৰিলে । এতিয়া বাকী আছে মাএ সিহঁত থকা ভেঠিটো ।

সৰু পুত্ৰ তপনে সংসাৰ কৰি দুটা কন্যা সন্তানৰ পিতৃও হৈছিল যদিও হঠাতে তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাত তপনৰ পত্নী সহিতে বৃদ্ধ পিতৃ-মাতৃ এতিয়া অসহায় হৈ পৰিছে ।

এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কাতৰ অনুৰোধ তেওঁলোকক যেন সহায়ৰ হাত আগবঢ়াই ।

আনহাতে কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 78963-30667 মোবাইল নম্বৰত ফোন কৰি অসম গ্ৰামীণ বিকাশ বেংকৰ A/C-7297010004825 নম্বৰ একাউণ্ট আৰু IFSC-PUNB0RRBAGB নম্বৰৰ জৰিয়তে সহায় কৰিব পাৰে ।

Exit mobile version