শালবাৰীৰ কাহিবাৰীত চাঞ্চল্যকৰ ঘটনা

মৰানৈৰ বুকুৰ পৰা পাঁচদিন পাছত উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ

বাগ্‌সাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ কাহিবাৰী গাঁৱৰ পাঁচদিনে সন্ধানহীন এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ আজি ঘৰৰ ওচৰৰে আওহাটা মৰা নৈৰ বুকুৰ পৰা উদ্ধাৰ হয় ৷

তথ্য অনুসৰি, কাহিবাৰীৰ বীৰছা মিঞ্জৰ দ্বিতীয় পুত্ৰ পিতু মিঞ্জ নামৰ আদিবাসী সম্প্ৰদায়ৰ কুৰি বছৰীয়া যুৱকজন যোৱা ১৫ জুনৰ পৰা নিখোজ হৈ আছিল ৷ কালি ঘৰৰ ওচৰৰে আওহাটা মৰা নৈৰ পিতনিৰ কাষত বাটৰুৱা লোকে এক দুৰ্গন্ধ পোৱাৰ পাছতে সেই দুৰ্গন্ধৰ আলম লৈ বিচাৰখোচাৰ কৰাত যুৱকজনৰ চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হয় ৷

আজি পুৱা পিতু মিঞ্জৰ জ্যেষ্ঠ ভাতৃ মাৰ্কোজ মিঞ্জে শালবাৰী আৰক্ষী থানাত এই বিষয়ে জনোৱাত শালবাৰী থানাৰ অ’চি সিদ্ধেশ্বৰ বড়োই ঘটনাস্থলীলৈ আহি স্থানীয় ১০/১২ জন যুৱকৰ জৰিয়তে মৰা নৈৰ মেটেকাপূৰ্ণ দ’ পানীৰ পৰা বহুসময় ধৰি বিচৰাৰ অন্তত অৰ্ধগলিত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দিন-হাজিৰা কৰা পিতু মিঞ্জ নামৰ যুৱকজনে মাজে সময়ে সন্ধিয়াৰ সময়ত সুৰাপান কৰে ৷ নিখোজ হোৱাৰ দিনাও যুৱকজনে সুৰাপান কৰাৰ সন্দেহ ব্যক্ত কৰি সিদিনা হয়তো দুৰ্ভাগ্যবশতঃ ৰাস্তাৰ কাষতে থকা মৰা নৈৰ দ’ খাৱৈত পৰি যায় আৰু তেনেকৈয়ে মেটেকাৰ তলত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ৷

Exit mobile version