ডেৰমাহত ২৮ বাৰ মূল্যবৃদ্ধি ইন্ধনৰ, অসমতো শতকৰ দিশে পেট্ৰ’লৰ মূল্য

পেট্ৰ'ল লিটাৰত ২৯ প‌ইচা-ডিজেলত ২৭ প‌ইচা পুনৰ বাঢ়িল

Petrol 2

দেশৰ কে’বাখনো ৰাজ্যৰ পিছে পিছে অসমতো ইন্ধনৰ মূল্য‌ই শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ আগবাঢ়িছে । অসমত কালি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৩.০২ টকালৈ বৃদ্ধি হয় । আনহাতে, ডিজেলৰ মূল্য হয়গৈ ৮৭.৫১ টকা । ভাৰত-পেট্ৰ’লিয়ামৰ এই মূল্যৰ বিপৰীতে ইণ্ডিয়ান অইলৰ প্ৰতি লিটাৰৰ মূল্য ৯২.৯৪ টকা আৰু ডিজেলৰ ৮৭.৪৫ টকা ।

উল্লেখ্য, যে কেইদিনমানৰ বিৰতিত যোৱা চাৰি মে’ৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ পুনৰ মূল্যবৃদ্ধি আৰম্ভ হয় । চাৰি মে’ৰ পৰা ধাৰাবাহিকভাৱে আজিলৈকে ২৮ বাৰ এই বৃদ্ধি হৈছে । তাৰ পৰিণতিত ইন্ধনৰ মূল্য‌ই ৰাজ্য‌ই অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে । অসমতো মূল্যৰ অভিলেখ গঢ়ি এই অভাৱনীয় দামত উপনীত হৈছে ।

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিকে ইয়াৰ অজুহাত ৰূপে দাঙি ধৰি কেন্দ্ৰীয় চৰকাৰে বহি আছে । তাৰ বিপৰীতে যোৱা ১৯ জুনৰ তুলনাত ২০ জুনত পেট্ৰ’লৰ মূল্য‌ই শতকৰ ঘৰ স্পৰ্শৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে । দিল্লীত কালি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য লিটাৰত ২৯ প‌ইচা বৃদ্ধি হয় । তেনেদৰে ডিজেলটো বৃদ্ধি হয় ২৯ প‌ইচা ।

দেশৰ কে’বাখনো ৰাজ্যৰ পাছত ৰাজধানী দিল্লীটো পেট্ৰ’লৰ মূল্য‌ই শতকৰ ঘৰ স্পৰ্শৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে । দিল্লীত কালি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.২২ টকা আৰু ডিজেলৰ মূল্য ৮৭.৯৭ টকা আছিল ।

উল্লেখ্য যে দেশৰ ৰাজ্যবোৰৰ ভিতৰত ৰাজস্থানত পেট্ৰ’ল-ডিজেলৰ ওপৰত মূল্য সংযোজিত কৰৰ পৰিমাণ সৰ্বাধিক । সেয়েহে ৰাজস্থানতে পেট্ৰ’লৰ মূল্য‌ই প্ৰথম শতকৰ ঘৰ পাৰ কৰে । এই পৰ্যন্ত সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পেট্ৰ’লৰ মূল্য‌ই এশ টকা পাৰ কৰিছে । ৰাজস্থানসহ সেইকেইখন হ’ল – মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটক আৰু লাডাখ ।

ইপিনে, কলকাতাত কালি প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ’ল ৯৭.১২ আৰু ৯০.৮২ টকা । তেনেদৰে চেন্নাইত ক্ৰমে ৯৮.৪০ আৰু ৯২.৪৮ টকা । পেট্ৰ’লৰ লগতে অব্যাহত থকা ডিজেলৰ মূল্যবৃদ্ধিৰ বজাৰৰ ওপৰত সৰ্বাত্মক প্ৰভাৱ পৰিছে । পৰিবহণ ব্যয় বৃদ্ধি হোৱাত সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হৈছে । কৰ’নাৰ বাবে সাধাৰণ ৰাইজৰ আৰ্থিক অৱস্থাৰ ওপৰত মাধমাৰ পৰিছে । তাৰ মাজতে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰাইজৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাদি পৰিছে ।

Exit mobile version