তামিলনাডুত নোবেলজয়ী এস্থাৰ ডাফল’-ৰঘুৰাম ৰাজনৰ স’তে গঠন কৰা হৈছে অৰ্থনৈতিক উপদেষ্টা কমিটি

160604 recjlqzsxd 1624272545

তামিলনাডুত গঠন কৰা হৈছে বিশেষ অৰ্থনৈতিক উপদেষ্টা কমিটি । সোমবাৰে এই কথা ঘোষণা কৰে তামিলনাডুৰ ৰাজ্যপাল বনলাৰিলাল পুৰোহিতে । সেই নৱগঠিত কমিটিত থাকিব নোবেল জয়ী এস্থাৰ ডাফল’, প্ৰাক্তন আৰবিআই গভৰ্নৰ ৰঘুৰাম ৰাজন, কেন্দ্ৰৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্ৰমন্যম । দক্ষিণৰ ৰাজ্যত নৱগঠিত চৰকাৰে আৰম্ভণিৰ পৰাই অৰ্থনৈতিক যাত্ৰাপথ স্পষ্ট কৰিব বিচাৰে । সেয়ে, এই কমিটি গঠন কৰা হৈছে বুলি জনায় । এওঁলোক তিনিজনৰ উপৰিও উপদেষ্টা কমিটিত থাকে অৰ্থনীতিবিদ জা দ্ৰেজ, প্ৰাক্তন কেন্দ্ৰীয় অৰ্থ সচিব এছ নাৰায়ণ ।

ৰাজ্যপালে কয়, ‘ৰাজ্যৰ বিভিন্ন স্তৰৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ সকলো সুবিধা উপলব্ধ কৰিবৰ বাবে । এই লক্ষ্যৰে কাম কৰিব কমিটিখনে । এই কমিটিৰ পৰামৰ্শমৰ্মে কাম কৰিব চৰকাৰে ।’

তেওঁ জনায়, প্ৰথমে ৰাজ্যৰ ঋণ পৰিশোধ কৰাৰ দিশত গুৰুত্ব দিয়া হৈছে । ইয়াৰোপৰি, ৰাজ্য চৰকাৰৰ কোষাগাৰৰ পৰিস্থিতিক লৈও এখন শ্বেতপত্ৰ প্ৰকাশ কৰা হ’ব জুলাইত । ৰাজ্যৰ মানুহক অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত স্পষ্ট ধাৰণা দিবৰ বাবে শ্বেতপত্ৰ প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে ।

লগতে, সোমবাৰে ৰাজ্যপালে ঘোষণা কৰে কৃষিক্ষেত্ৰৰ বাবে পৃথক বাৰ্ষিক বাজেট ঘোষণা কৰিব নতুন তামিলনাডু চৰকাৰে । কেনেদৰে কৃষি উৎপাদন বৃদ্ধি কৰিব পৰা যায় আৰু কৃষকসকলৰ অৱস্থাৰ উন্নতি সম্ভৱ হয় সেই লক্ষ্যৰে কাম কৰা হ’ব । লগতে, মৎস্যজীবীসকলৰ বাবেও পৃথককৈ কাম কৰিব নতুন চৰকাৰে ।

Exit mobile version