ব্ৰিটেইনত কৰ’নাৰ তৃতীয় ঢৌ, ডেল্টা প্ৰজাতিৰ বাবেই এই ঢৌ দাবী বিশেষজ্ঞৰ

titled design 2021 06 04t001706 882

ব্ৰিটেইনত আৰম্ভ ক’ভিড-১৯ৰ তৃতীয় ঢৌ । কালিৰ দিনটোতে নতুনকৈ ১১ হেজাৰ লোক ভাইৰাছত সংক্ৰমিত হৈছে । চাৰি মাহৰ পাছত এইয়ে প্ৰথম সংক্ৰমিতৰ সংখ্যাই ১০ হেজাৰ অতিক্ৰম কৰিলে । অধিক সংখ্যকেই ডেল্টা ষ্ট্ৰেনত আক্ৰান্ত । বিশেষজ্ঞসকলৰ দাবী, তৃতীয় ঢৌ আৰম্ভ হৈছে ।

কিছুদিন পূৰ্বেই বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছিল, ব্ৰিটেইনত ডেল্টা ষ্ট্ৰেনত সংক্ৰমণ প্ৰতি ১১ দিনৰ অন্তৰালত দ্বিগুণ বৃদ্ধি হৈছে । ব্ৰিটেইনত আগন্তুক ২১ জুনত সম্পূৰ্ণ তলাবন্ধ প্ৰত্যাহাৰৰ কথা আছিল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বেই এই সিদ্ধান্ত বাতিল কৰে চৰকাৰে । এমাহ পিছুৱাই দিয়া হৈছে ‘স্বাধীনতাৰ ৰ’ডমেপ’ ।

আজি ‘জ‌ইণ্ট কমিটি অন ভেকচিনেচন এণ্ড ইমিউনাইজেচন’ৰ উপদেষ্টা এডম ফিনে কয়, ‘কঠিন পৰিস্থিতি । অতি সংক্ৰামক ডেল্টা ষ্ট্ৰেনৰ বিৰুদ্ধে এইবাৰ ভেকচিন যুদ্ধৰ সাক্ষী হ’ব ব্ৰিটেইন ।’ তৃতীয় ঢৌ সম্পৰ্কে ফিনৰ মন্তব্য, ‘দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধি হ’ব । এটাই আশা পূৰ্বতকৈ হয়তো সংক্ৰমণৰ গতি কিছু হ্ৰাস হ’ব ।’

ইপিনে, কৰ’নাত মৃতকৰ সংখ্যা পাঁচ লাখ অতিক্ৰম কৰিলে ব্ৰাজিলত । বিশ্বৰ মৃতকৰ সংখ্যাৰ নিৰিখত আমেৰিকাৰ পাছত দ্বিতীয় স্থানত আছে ব্ৰাজিল । আমেৰিকাত মৃতকৰ সংখ্যা ছয় লাখ ১৭ হেজাৰ । অৱশ্যে বিগত কিছুমাহত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে । তৃতীয় স্থানত আছে ভাৰত ।

লক্ষ লক্ষ মৃত্যুৰ বাবে চৰকাৰকে দোষাৰোপ কৰিছে ব্ৰাজিলৰ একাংশই । তেওঁলোকৰ অভিযোগ, অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ কেৱল ব্যৰ্থ‌ই নহয়, তেওঁৰ অকৰ্মণ্যতাৰ বাবেই দেশৰ এনে পৰিস্থিতি হৈছে । আজি চৰকাৰ বিৰোধী বিক্ষোভত যোগ দিবৰ বাবে ৰিয়’ ডি জেনেইৰ’সহ বহু চহৰৰ পথত নামে হেজাৰ হেজাৰ লোক ।

ৰাজধানী ৰিয়’ৰ পথত শ্ল’গান দিয়া হয়, ‘ব’লছ’নাৰ’ নিপাত যাওক । এই চৰকাৰে মানুহক খাদ্যৰ যোগান ধৰিব নোৱাৰে । চাকৰি নিদিয়ে ।’ বিক্ষোভত যোগ দিয়া ২০ বছৰীয়া ইজাবেলা গুলজোৰে কয়, ‘ব্ৰাজিলৰ পৰিস্থিতি ভয়ংকৰ । ক’ভিড টিকাকৰণৰ হাৰ অতি দুৰ্বল । ইপিনে, দেশত বৃহৎ বৃহৎ প্ৰতিষ্ঠান আছে ।’

দেশৰ ২৬ খন ৰাজ্যৰ ভিতৰত ২২ খনতেই প্ৰতিবাদ চলি আছে । বহু ক্ষেত্ৰত সমদলৰ নেতৃত্বত আছিল বিৰোধী বামপন্থী দল । আগন্তুক বৰ্ষত ব্ৰাজিলত ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব । ৰিয়’ৰ সমদলত শ্ল’গান শুনা যায়, ‘ৰাষ্ট্ৰপতি গণহত্যাকাৰী ।’ কোনো কোনোৰ টি-ছাৰ্ট আৰু মাস্কত আছিল প্ৰাক্তন বামপন্থী শাসকৰ ছবি ।

ছাও পাওল’ত ক’ভিডত মৃতসকলৰ স্মৰণত বিক্ষোভকাৰীসকলে ৰঙা বেলুন উৰাই । সমালোচকসকলৰ মন্তব্য, ব’লছ’নাৰ’‌ই কোনোদিনে ক’ভিডক গুৰুত্ব দিয়া নাই । টিকাকৰণতো জোৰ দিয়া নাই । লগতে তলাবন্ধৰো বিৰোধিতা কৰিছিল । মাস্ক পৰিধান নকৰাকৈ নিজৰ ক’ভিড হোৱাৰ বাৰ্তা দিবৰ বাবে সাংবাদিক বৈঠকত আহিছিল । সেই বৈঠকত থকা সাংবাদিকসকলৰ সংস্থাবোৰে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । লক্ষাধিক মানুহৰ মৃত্যুৰ পাছতো ক’ভিডক ‘সামান্য জ্বৰ’ বুলি কৈছিল । তলাবন্ধৰ বিৰোধিতা কৰি কৈছিল, ইয়াৰ ফলত অৰ্থনীতি ভাঙি পৰিব । সাধাৰণ জনতাৰ এটা বৃহৎ অংশৰ মত, ৰাষ্ট্ৰপতিৰ এই মন্তব্যৰ বাবেই পাঁচ লাখ মানুহৰ মৃত্যু হৈছে ।

২১ কোটি ৪০ লাখ মানুহৰ দেশ ব্ৰাজিল । এই পৰ্যন্ত ১৫ শতাংশ বাসিন্দাৰ টিকাকৰণ সম্পূৰ্ণ হৈছে বুলি দাবী কৰিছে স্বাস্থ্য সংস্থাই । আন একাংশৰ দাবী, ইয়াতকৈয়ো কম । ১২ শতাংশ‌ও নহয় । টিকাকৰণৰ এই মন্থৰ গতিক লৈও সৰৱ বিক্ষোভকাৰীসকল ।

ব’লছ’নাৰ’ৰ সমৰ্থকসকলে দেশজোৰা প্ৰতিবাদৰ সন্দৰ্ভত কয়, ‘আগন্তুক বৰ্ষত নিৰ্বাচন । ইয়াৰ পূৰ্বে ব’লছ’নাৰ’ৰ বিৰোধী বতাহ তীব্ৰতৰ কৰিবৰ বাবেই এই সমদল ।’

Exit mobile version