১৮ হেজাৰ ফুট উচ্চতাত যোগ দিৱস উদযাপন ! লাডাখৰ  হাড় কঁপোৱা ঠাণ্ডাত যোগাসন ITBP কৰ্মীৰ

yoga in siachin 1624245061

বৰফেৰে আৱৰি থকা উপত্যকা । ঠাণ্ডাত গলি যোৱাৰ অৱস্থা । সেই লাডাখত সোমাবাৰে বিশ্ব যোগ দিৱস (আন্তৰ্জাতিক যোগ দিৱস)ত ১৮ ফুট উচ্চতাত যোগ দিৱস উদযাপন কৰিলে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীয়ে ।

লাডাখৰ পাংগং হ্ৰদত (পাংগং তছ’) সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা সীমান্ত পেট্ৰ’লিং সংগঠন ‘হিমবীৰ’য়ে যোগাসন অনুশীলন কৰে।

সোমবাৰে বিশ্ব যোগ দিৱসত দেশবাসীক যোগৰ জৰিয়তে কৰ’না নাশ কৰাৰ বাৰ্তা জনায় প্ৰধান মন্ত্ৰী মোদীয়ে । তেওঁ কয়, “কৰ’নাৰ দৰে কঠিন সময়ত আত্মশক্তি বৃদ্ধিৰ বাবে যোগে যথেষ্ট লাভালাভ কৰিছে । মই চিকিৎসক আৰু আগশাৰীৰ যুঁজাৰুসকলৰ পৰা শুনিছো যে তেওঁলোকে যোগৰ জৰিয়তে নিজক আৰু ৰোগীসকলৰ চিকিৎসা কৰিছে ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ৰাষ্ট্ৰসংঘৰ সহযোগত এম-যোগ এপ্ মুকলি কৰিব । যোগৰ সকলো নিয়ম আৰু পৰামৰ্শ সেই এপ্‌টোত উপলব্ধ হ’ব । থাকিব  প্ৰশিক্ষণৰ ভিডিঅ’ও ।

তেওঁ আজি পুৱা ৬.৩০ বজাত ভাৰ্চুৱেল উপায়েৰে দেশলৈ তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে । মোৰ ভাষাত, ‘কৰ’নাকালত যোগেই ৰক্ষাকৱচ ।’  ‘এক দেশ, এক স্বাস্থ্য’ আঁচনিৰ কথা উল্লেখ কৰে মন্ত্রীগৰাকীয়ে ।

Exit mobile version