ধুবুৰীৰ ভাৰত বাংলা উন্মুক্ত সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ, এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2021 06 22 at 3.51.08 PM

ধুবুৰীৰ ভাৰত বাংলা উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। গৰুৰ চোৰাং কাৰবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান।

তাৰ মাজতো আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে পশুধনৰ চোৰাং কাৰবাৰ। তেনে এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ ভিন্ন স্থানত অভিযান চলাই জব্দ কৰে ১৬ টাকৈ চোৰাং গৰু।

লগতে আৰক্ষীয়ে আব্দুল বাতেন মণ্ডল নামৰ এজন চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গৰুৰ বেপাৰী জনৰ ঘৰ গৌৰীপুৰৰ বাঘমাৰাত। আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল বাতেন মণ্ডলক।

ইপিনে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেললৈ যোৱা চোৰাং গো মাফিয়া সকলে জেলৰ পৰা ওলাই আহি পুনৰ নামি পৰে পশুধনৰ চোৰাং কাৰবাৰত। তেনে ক্ষেত্ৰত চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি মন্তব্য কৰে গৌৰীপুৰ আৰক্ষী বিষয়া হিমাক্ষী নাথে।

Exit mobile version