বোকাজানৰ ডিলাইত নৈশ বাছৰ পৰা উদ্ধাৰ ১২ কোটি মূল্যৰ ড্ৰাগছ

আটক চেন্নাইৰ দুগৰাকী মহিলা, পুৰস্কৃত গৃহৰক্ষী বাহিনীৰ জোৱান

বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে ধাৰাবাহিক সফলতা অব্যাহত ৰাখিছে ৷ এইবাৰ ডিলাই আৰক্ষীয়ে নিয়মীয়া তালচীত এখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰিছে তিনি কেজি ওজনৰ মেথন ভেটামেন নামৰ ড্ৰাগচত ব্যৱহৃত নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ৷

আটক কৰিছে সৰৱৰাহ কৰা চেন্নাইৰ দুগৰাকী মহিলাক ৷কাৰ্বি আংলংৰ ডিলাই আৰক্ষীয়ে নিয়মীয়া তালাচীত মণিপুৰৰ পৰা অহা MN06B-0511 নম্বৰৰ নৈশবাছ খনৰ পৰা জব্দ কৰে এই সামগ্ৰী খিনি ,যাৰ বজাৰ মূল্য বাৰ কোটিৰো অধিক ৷

আৰক্ষীৰ সুত্ৰে এই ৰাসায়নিক দ্ৰব্য খিনিক ক্ৰিষ্টেল চিয়াবু বুলি কোৱা হয়৷ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ সন্দেহ হোৱাত বাছখনৰ ইঞ্জিন খুলি তালচী চলায় আৰু ইঞ্জিনৰ ভিতৰত কৌশলেৰে নিৰ্মাণ কৰা এটা চেম্বাৰত উক্ত নিষিদ্ধ ৰাসায়নিক দ্ৰব্যখিনি উদ্ধাৰ কৰে ৷

বাছখনৰ চালকে জোৱানজনক ধন প্ৰদান কৰিছিল যদিও তেওঁ লবলৈ অস্বীকাৰ কৰে আৰু আৰক্ষীৰ শীৰ্ষ মহলক অৱগত কৰে ৷ তথ্য অনুসৰি জোৱান জনৰ এই কৰ্মৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে পুৰস্কৃত কৰে ৷এই নিষিদ্ধ ড্ৰাগছ খিনি মণিপুৰৰ পৰা চেন্নইলৈ নি থকা হৈছিল আৰু সৰৱৰাহকাৰীৰ ৰূপত আছিল চেন্নাইৰ দুগৰাকী মহিলা ৷

আৰক্ষীয়ে বাছখনৰ চালকৰ লগতে দুই মহিলা ক্ৰমে পাঞ্জা বৰ্ণম আৰু লক্ষ্মী ডি ক আটক কৰে ৷উল্লেখযোগ্য যে কাৰ্বি আংলং আৰক্ষীয়ে বিগত সময়ত মণিপুৰৰ পৰা সৰৱৰাহ হোৱা হেৰইন,ব্ৰাউন চুগাৰ,গাঞ্জা আদি জব্দ কৰি আহিছে যদিও এনেধৰণৰ ড্ৰাগচত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য প্ৰথম বাৰৰ বাবে জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Exit mobile version