মানাহ ৰাষ্ট্ৰীয় উদ্যানত আঠটাকৈ দুষ্প্ৰাপ্য নল গাহৰি মুকলি

এই মাহতে পুনৰ মুকলি কৰা হ’ব আন চাৰিটা নল গাহৰি

WhatsApp Image 2021 06 22 at 7.31.57 PM

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি মুকলি কৰি দিয়া হ’ল আঠটাকৈ দুষ্প্ৰাপ্য নল গাহৰি৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ সহযোগত Pygmy Hog Conservation Programme ৰ অধীনত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ এক বিশেষ এলেকাত মুকলি কৰি দিয়া হয় নল গাহৰিকেইটা ৷

উল্লেখযোগ্য, নল গাহৰি হৈছে বিশ্বৰ বন্য জীৱকুলৰ ভিতৰত বনগাহৰিৰ দুষ্প্ৰাপ্য তথা পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম গাহৰিৰ প্ৰজাতি৷ যি বিলুপ্তপ্ৰায় নল গাহৰিৰ পৃথিৱীৰ ভিতৰতে অন্যতম উপযুক্ত বসতিস্থল মানাহ ৰাষ্ট্ৰীয় উদ্যান৷

নল গাহৰিৰ সংৰক্ষণৰ উদ্দেশ্যে Pygmy Hog Conservation ৰ জৰিয়তে ১৯৯৬ চনৰ পৰাই বিজ্ঞানসন্মত বিশেষ ব্যৱস্থাৰে নল গাহৰিৰ প্ৰজনন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ প্ৰথমাৱস্থাত মানাহৰ বাঁহবাৰীৰ পৰা দুটা মতা আৰু চাৰিটা মাইকী মুঠ ছয়টা নল গাহৰি ধৰি নি প্ৰজননৰ উদ্দেশ্যে বিশেষ সংৰক্ষণত ৰখা হৈছিল ৷

PHCPৰ অধীনত যোৱা বৰ্ষতো মানাহত ১৪ নল গাহৰি মুকলি কৰি দিয়া হৈছিল ৷ আনহাতে আজি আঠটা নল গাহৰি মুকলি কৰি দিয়াৰ পাছত পৰৱৰ্তী পৰ্যায়ত পুনৰ চাৰিটা নল গাহৰি মুকলি কৰি দিয়া হ’ব মানাহৰ বুকুত৷

তদুপৰি আঁচনিখনৰ অধীনত মানাহত ২০২৫ চনৰ ভিতৰত সৰ্বমুঠ ৬০ টা নল গাহৰি মুকলি কৰি দিয়াৰ লক্ষ্যও হাতত লোৱা হৈছে৷ বৰ্তমানে মানাহত প্ৰায় ২০০ নল গাহৰি থকা বুলি জানিবলৈ দিয়ে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই৷

উল্লেখ্য যে আজি মুকলি কৰি দিয়া আঠটা নল গাহৰিকে ধৰি পাঁচটা মতা আৰু সাতটা মাইকী সহিতে মুঠ ১২ টা নল গাহৰি এই মাহতে মুকলি কৰি দিয়া হ’ব মানাহত ৷ বিশেষ প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা জন্মলাভ কৰা নল গাহৰিবোৰ ২০০৮ চনৰ পৰা সোণাই-ৰূপাই অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বৰনদী অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছিল ৷

PHCP ৰ অধীনত বৰ্তমানলৈ মুকলি কৰি দিয়া নলগাহৰিৰ সংখ্যা হ’ল ১৪২ টা ৷ আজি মানাহত নল গাহৰি মুকলি দিয়াৰ সময়ত উপস্থিত থাকে ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, উপ ক্ষেত্ৰ সঞ্চালক ৰঘূনাথ বড়ো, PHCP ৰ প্ৰকল্প সঞ্চালক ড° পৰাগজ্যোতি ডেকা, ক্ষেত্ৰ বিজ্ঞনী ড° ধৃতিমান দাস, মানাহ ভূখণ্ডৰ প্ৰশাসক ড° বিভূতি প্ৰসাদ লহকৰ, wwf-India ৰ বিষয়া ড° দেৱ কুমাৰ দত্ত, ভূঞাপাৰাৰ বন বিষয়া কামেশ্বৰ বড়োসহ উদ্যানখনৰ সতে জড়িত কে’বাজনো বনকৰ্মী৷

Exit mobile version