হাউলীত জামাত ই ইছলামী হিন্দ, জমিয়ত উলেমা হিন্দ আৰু ছাত্ৰ সংগঠন এছ আই অ’ৰ যৌথ সংবাদ মেল

WhatsApp Image 2021 06 22 at 6.30.15 PM

ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ লগতে অসামাজিক কাম বন্ধ আৰু ৰাইজক সজাগ কৰাৰ বাবে সোমাবাৰে পুৱা ১১.৩০ বজাত হাউলীৰ সাংবাদিক সন্থাৰ কাৰ্যলয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰা হয় ।

জামাত ই ইছলামী হিন্দ, জমিয়ত উলেমা হিন্দ আৰু ছাত্ৰ সংগঠন এছ আই অ’ৰ যৌথ সংবাদ অনুষ্ঠিত কৰা হয় উক্ত সংবাদমেলৰ ।

সংবাদ মেলত জামাত ই ইছলামী হিন্দৰ নামনি অসম সংমণ্ডলৰ সংগঠক ছফিকুল ইছলামে উপস্থিত থাকি সমাজত ক্ৰমাত বৃদ্ধি পাই অহা ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ লগতে অসামাজিক কাম কাজ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।

তদুপৰি ইয়াক নিৰ্মূল কৰাৰ বাবে পুস্তিকা প্ৰকাশ কৰি উলিওৱাৰ কথা উল্লেখ কৰে । ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ড্ৰাগচ বিৰোধী আভিযান আৰু অধিক তীব্ৰতৰ হোৱা পদক্ষেপক সংগঠন তিনিটাই ধন্যবাদ জনাই কয় চৰকাৰ এই অভিযানত সংগঠন তিনিটাই সৰ্বোতো প্ৰকাৰে চৰকাৰক সহায় কৰিব ।

ইয়াৰ উপৰিও সংবাদ মেলত ইছলামে কয় ,ক’ভিড পৰিস্থিতি ভাল হ’লে সকলো ৰজহুৱা অনুষ্ঠানত তথা সকলো অনুষ্ঠানৰ সমিতি স’তে এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব সংগঠন তিনিটাই।

ড্ৰাগচমুক্ত অসম নহোৱা পৰ্যন্ত চৰকাৰৰ অভিযান স্থগিত নকৰিবলৈ আহ্বান জনাই সংগঠন কেইটাই। উক্ত সংবাদ মেলত উপস্থিত থাকে জমিয়ত উলেমা হিন্দৰ বজালী জিলা সমিতিৰ সভাপতি শ্বাহ আলম আৰু এছ আই অৰ বৰপেটা জিলা সমিতিৰ সভাপতি হাফিজ ইনামূল হ’ক ।

Exit mobile version