উদ্যোগ অনুমোদনত এইবাৰ ‘ছিংগল-ৱিন্‌ড’ প্ৰকল্প আৰম্ভ কৰিলে বাণিজ্য মন্ত্ৰণালয়ে

german industry innovation facts

নতুন উদ্যোগ বা ব্যৱসায়ৰ বাবে আৰু দপ্তৰৰ পৰা দপ্তৰ দৌৰাৰ প্ৰয়োজন নাই । বিস্তৰ কাগজত ফাইল তৈয়াৰ কৰাৰ দিনো উকলিব । মংগলবাৰে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীযূষ গ’য়েল মন্ত্ৰণালয়ৰ এক পৰ্যালোচনা বৈঠকে জনায়, উদ্যোগ আৰু ব্যৱসায়ৰ বাবে বিভিন্ন চৰকাৰী অনুমোদনৰ এক ডিজিটেল ‘ছিংগল-ৱিন্‌ড’ প্ৰকল্প প্ৰায় প্ৰস্তুত । প্ৰাথমিকভাৱে ১৪ খন ৰাজ্যৰে পৰীক্ষামূলকভাৱে এই প্ৰকল্পটো আৰম্ভ কৰা হ’ব । অৱশ্যে কেতিয়াৰ পৰা সম্পূৰ্ণভাৱে আৰম্ভ হ’ব সেয়া জনোৱা নাই ।

প্ৰেছ ইনফৰমেচন ব্যুৰ’ (পিআইআৰ)ৰ এক বিজ্ঞপ্তি অনুসৰি, গ’য়েলৰ দাবী এই ব্যৱস্থাৰ জৰিয়তে ব্যৱসায় বা উদ্যোগত বিনিয়োগ কৰিবৰ বাবে উৎসাহীসকলে কোন ৰাজ্য‌ত ক’ত ভূমি আছেৰ পৰা আৰম্ভ কৰি বিনিয়োগৰ অনুমোদন প্ৰক্ৰিয়াৰ যাৱতীয় তথ্য কম্পিউটাৰৰ বুটাম টিপিয়ে জানিব পাৰিব । তেওঁৰ দাবী, এই প্ৰকল্পৰ সুবিধাৰে বিনিয়োগকাৰীসকলে ৰাজ্য আৰু কেন্দ্ৰৰ বিভিন্ন কাৰ্যালয়লৈ নগৈ ঘৰতেই যাৱতীয় নথি প’ৰ্টেলত আপলোড কৰিলেই অনুমোদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব ।

মন্ত্ৰী গ’য়েলে লগতে কয় যে, তথ্যৰ গোপনীয়তা ৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে এই প’ৰ্টেলত । সম্প্ৰতি ১৪ খন ৰাজ্যৰ লগতে, ১৭ টা মন্ত্ৰণালয়ো প্ৰত্যক্ষভাৱে এই প’ৰ্টেলৰ অনুমোদন প্ৰক্ৰিয়াৰ স’তে জড়িত হৈ থাকিব । তেওঁ কয়, সম্প্ৰতি ১৪ খন ৰাজ্যৰে এই ব্যৱস্থা পৰীক্ষামূলকভাৱে আৰম্ভ হ’লেও পৰৱৰ্তী সময়ত এই প্ৰকল্পত সকলো ৰাজ্যক সাঙুৰি লোৱা হ’ব ।

Exit mobile version