কৰ’নাৰ সন্দৰ্ভত মিছা মাতিছিল উত্তৰ কোৰিয়াইঃ বিশ্ব স্বাস্থ্য সংস্থাই কৰিলে ফাদিল

im 356129

কৰ’নাৰ সংক্ৰমণৰ সন্দৰ্ভত ইমান দিনে উত্তৰ কোৰিয়াই দেশখনত এজনো লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি দাবী কৰি আহিছিল । উত্তৰ কোৰিয়াই পূৰ্বে দাবী কৰি কৈছিল যে দেশখনত যোৱা ১০ জুনলৈকে ৩০ হেজাৰৰো অধিক লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছিল যদিও এজনো ৰোগী ধৰা পৰা নাছিল ।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই নিজাববীয়াকৈ প্ৰস্তুত কৰা এক প্ৰতিবেদনত উল্লেখ কৰা মতে উত্তৰ কোৰিয়াত চাৰি জুনৰ পৰা ১০ জুনৰ সময়ছোৱাত মুঠ ৭৩৩ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছিল আৰু এওঁলোকৰ ১৪৯ জনৰ শৰীৰত ইনফ্লুৱেঞ্জা সদৃশ উপসৰ্গই দেখা দিছিল ।

উল্লেখ্য যে ইনফ্লুৱেঞ্জাৰ উপসৰ্গৰ স’তে কৰ’নাৰ সংক্ৰমণৰ লক্ষণৰ যথেষ্ট সাদৃশ্য আছে । বিশ্ব স্বাস্থ্য সংস্থাই উত্তৰ কোৰিয়াৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত প্ৰকাশ কৰা এই তথ্য‌ই ইমান দিনে কৰ’নাৰ সংক্ৰমণৰ কীম জং উনৰ দেশখনে মিছা মতাটোকে প্ৰমাণ কৰিলে ।

Exit mobile version