তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

WhatsApp Image 2021 06 23 at 4.59.21 PM 1

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।

নগাঁও জিলা ভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে নগাঁও সদৰ ৰাজহ চক্ৰ, চামগুৰি ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ পৰিদৰ্শন কৰে । তদুপৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্যৰ লগত জড়িত স্বাস্থ্যকৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ স’তে মত-বিনিময় কৰাৰ লগতে কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাসমূহৰ বিষয়ে বিশদভাৱে বুজ লয় ।

কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ২১ জুন ২০২১ তাৰিখৰ পৰা আৰম্ভ হোৱা বৃহৎ টিকাকৰণ অভিযান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয় যে, জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱা বিষয়টো নিশ্চিতভাৱে প্ৰশংসনীয় । তেওঁ বৃহৎ টিকাকৰণ অভিযানৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা ইতিবাচক সঁহাৰিৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে ।

লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই ক’ভিড সংক্ৰমণ ৰোধ কৰাত জনসাধাৰণৰ এক গভীৰ দায়িত্ব আছে ।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত নগাঁও জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপূৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version