শক্তিআশ্ৰম, বনৰগাওঁত শ্যামা প্ৰশাদ মুখাৰ্জীৰ ৬৮ তম মৃত্যু বাৰ্ষিক পালন বিজেপিৰ

WhatsApp Image 2021 06 23 at 4.59.54 PM 1

সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ অধিন শক্তি আশ্ৰম আৰু বনৰগাওঁত শ্যামা প্ৰশাদ মুখাৰ্জীৰ ৬৮ তম মৃত্যু বাৰ্ষিক পালন কৰে বিজেপিৰ ফকিৰাগ্ৰাম মণ্ডল আৰু বনৰগাওঁ মণ্ডলৰ কৰ্মকৰ্তাসকলে।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ সভাপতি মনোজ কুমাৰ ৰায়ে শক্তিআশ্ৰমত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত শ্যামা প্ৰশাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি অনুষ্ঠানৰ আৰম্ভ কৰে।

উক্ত অনুষ্ঠানতেই বিজেপিৰ কৰ্ম কৰ্তাসকলৰ আগত প্ৰয়াত শ্যামা প্ৰশাদ মুখাৰ্জীৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ফকিৰাগ্ৰাম সমষ্টিৰ অধীনত থকা বিজেপিৰ যুৱ মৰ্চা, মহিলা মৰ্চা আদিৰ কৰ্ম কৰ্তাসকলৰ লগতে ভিচিডিচিৰ অধ্যক্ষসকলো উপস্থিত থাকে।

ইপিনে বনৰগাওঁ মণ্ডল বিজেপিয়ে অনুষ্ঠিত কৰা শ্যামা প্ৰশাদ মুখাৰ্জীৰ ৬৮ তম মৃত্যু বাৰ্ষিক অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ বনৰগাওঁ মণ্ডল সভাপতি ছাইখোজাতাও নাৰ্জাৰী আৰু বিভাষ কুমাৰ দাস ও উপস্থিত থাকি শ্রদ্ধা জ্ঞাপন কৰে।

Exit mobile version