কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে শালবাৰী মহকুমাত প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সকল তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । চৰকাৰে জাৰি কৰা ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা মানি সাৱধানতা অবলম্বন কৰিবলৈ স্থানীয় লোক সকলক প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনাই বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে ৷
ইতিমধ্যে মহকুমাটোৰ আৰক্ষী প্ৰশাসনে মাস্ক বিতৰণ কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে । আজি বিপিএফৰ শালবাৰী জিলা কমিটীৰ উদ্যোগত শালবাৰীত পথাচাৰীৰ মাজত ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয় ।
বিটিআৰৰ শালবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীৰ তৎপৰতাত আজি এক হাজাৰ বটল, হেণ্ড ছেনিটাইজাৰ আৰু দুই হাজাৰৰো অধিক মাক্স বিতৰণ কৰা হয়। বিপিএফৰ এই সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত শালবাৰী জিলা যুৱ বিপিএফ, ৰূপহী প্রাইমাৰী কমিটী আৰু শালবাৰী প্ৰাইমাৰী কমিটীৰ ভালে কেইগৰাকী বিষয় ববীয়াই অংশ গ্ৰহণ কৰে ৷