‘ইণ্ডিয়া’ নহয়, দেশৰ নাম হওক কেৱল ‘ভাৰত’ : নতুন দাবী কংগনাৰ

981280 kanganaranaut bharat

বলিউডৰ সদা বিতর্কিত অভিনেত্রী কংগনা ৰণৌটে এইবাৰ দেশৰ নাম ‘ইণ্ডিয়া’ৰ পৰিৱর্তে কেৱল ‘ভাৰত’ ৰখাৰ এক প্রস্তাৱ আগবঢ়ালে ।

স্বদেশী মাইক্র’ব্লগিং ছাইট ‘কু’ত । কংগনাই এই দাবী উত্থাপন কৰি কয়, ইণ্ডিয়া হৈছে ব্রিটিছসকলে দিয়া ‘শ্লেভ নেম’ অর্থাৎ এসময়ৰ শাসকে কৰা ক্রীতদাসৰ নামকৰণ।

এই নামত কোনাে গৌৰৱ নাই । ভাৰতৰ উত্থান তেতিয়াহে সম্ভৱ, যেতিয়া প্রাচীন আধ্যাত্মবাদ আৰু জ্ঞানৰ সংযােগ থাকিব । বেদ, গীতা, যােগাসনৰ শিপাৰ স’তে আমি জড়িত আছাে । আমি এই দাসত্বৰ নাম ‘ইণ্ডিয়া’ৰ পৰা সলনি কৰি কেৱল ‘ভাৰত’ কৰিব লাগে ।

Exit mobile version