কেনেকৈ কৰিব উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ ? চাওক এই ঘৰুৱা উপায়

high blood pressure hypertension symptoms thumb 732x549 1

★যদি আপোনাৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বেছি, তেনেহ’লে কিছু পৰিমাণে সেই ওজন কমাই ৰাখিব পাৰিলে আপুনি ৰক্তচাপো কমাই ৰাখিব পাৰিব। আহাৰ নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ যোগেদি শৰীৰৰ ওজন কমাই ৰাখিব পাৰিলে, কোনো ধৰণৰ ঔষধ আদি নোখোৱাকৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

★ৰাতিপুৱা খালি পেটত চাৰি পাঁচ ফুটা নহৰু বাকলিৰ স’তে গিলি খাব । ক্ষুদ্ৰান্ত্ৰত নহৰু তেল শোষণ হয় । নহৰু তেলে কলেষ্টৰল কমাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।নহৰুৰ বাকলি আৰু সাৰ অং‌শৰ মাজত থকা তেল (Volatile oil) বাকলি এৰুৱাই দিয়াৰ লগে লগেই বাস্পীভূত হৈ যায় আৰু নহৰুৰ ওপৰত গন্ধকৰ চামনি পৰে বাবে নহৰু গোন্ধায়। সেয়েহে বাকলি এৰুৱাই নহৰু খালে গন্ধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বমিভাৱ , বুকু জ্বলা-পোৰা কৰে।

★ প্ৰতিদিনে দুই-চাৰিটা কল খাব । কলত থকা মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল আতৰ কৰে আৰু তেজত কলেষ্টৰল নিয়ন্ত্ৰণ কৰে। সেয়েহে কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

ৰাতিপুৱা ১০-১৫ টা বৰমানিমুনি পাত চোবাই খালে টোপনি ভালহয়, মানসিক চিন্তা আৰু উৎকন্ঠা কমাৰ উপৰিও উচ্চ ৰক্তচাপ কমে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই আৰু পেটৰ গেছ উপসম কৰে।

★অৰ্জুনৰ বাকলি এক কেজি চাৰি লিটাৰ পানীত সিজাব । পানী কমি এক লিটাৰমান হলে নমাই ইয়াক ঠাণ্ডা হলে ২০ মিলি লিটাৰকৈ তিনি বাৰ খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ভাল হয় ।

★উচ্চ ৰক্তচাপ ৰোগীয়ে উত্তৰ দিশত মূৰ আৰু দক্ষিণ দিশত ভৰি দি শুব। ৰাতি ভাল টোপনিৰ উপৰিও ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে।

★ বাহু বা ভকুৱা মাছ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী । বাহু মাছৰ ছালৰ ভিতৰ অংশ কোমল , বগা আৰু তেলেতীয়া। ইয়াত ওমেগা-৩ ফেটি এচিড থাকে । ওমেগা-৩ ফেটি এচিডে তেজত থকা অতিৰিক্ত কলেষ্টৰল কমায় । সেয়েহে ছালসহ বাহুমাছ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা নাথাকে।
(১৫)এদিনত দুই-তিনিবাৰৰ পৰিৱৰ্তে পাচ-ছবাৰ আহাৰ কম পৰিমাণে খাব । পাৰিলে সপ্তাহত এদিন উপবাস ৰাখিব।

★এজন ধীৰ-স্থিৰ, হাঁহিমুখীয়া বা ধেমেলীয়া ব্যক্তিও ভুগিব পাৰে উচ্চ ৰক্তচাপত । মানসিক চাপ বা উদ্বেগ আদিয়ে উচ্চ ৰক্তচাপ বৃদ্ধি কৰে। অত্যধিক মানসিক উদ্বেগ বা দুশ্চিন্তা লৈ কাম কৰিব লগা ব্যক্তিৰ ৰক্তচাপ অন্য সাধাৰণ ব্যক্তিৰ তুলনাত সদায় বেছি হয়।

Exit mobile version