ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

inpage article strepbronchitisblog2

যদি আপােনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ’লে প্রতিমাহে আপুনি দাত ব্রাছ সলনি কৰক । লগতে প্রতিবাৰ ৰােগ হােৱাৰ পাছত একোডাল নতুন ব্রাছ ব্যৱহাৰ কৰক৷ কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্রাছ ।

★আনে ব্যৱহাৰ কৰা খােৱা পাত্ৰত পৰাপক্ষত নিজে ব্যৱহাৰ নকৰিব ।

★অন্য ব্যক্তিয়ে ব্যৱহাৰ কৰা ফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পর্শ নকৰে তাৰ প্রতি সচেতন হৈ থাকক।

★ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পর্কৰ পৰা আঁতৰি থাকক । যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে তেন্তে কাঁহ, চর্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক । কিয়নাে এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপােনাৰ ৰােগৰ অৱস্থা অধিক শােচনীয় হােৱাৰ সম্ভাৱনা থাকে ।

★শৰীৰৰ স্বাভাৱিক ৰােগ-প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সচেতন হওক । অত্যাধিক মানসিক চাপ কমাবলৈ চেষ্টা কৰিলে, স্বাস্থ্যসন্মত খাদ্য গ্রহণ কৰিলে আৰু পৰ্যাপ্ত বিশ্রাম ল’লে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব ।

Exit mobile version