দোতমা অঞ্চলত কৰ’নাই লৈছে ভয়াৱহ ৰূপ

fx1 lrg 2

মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয়বাৰৰ বাবে যিধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে।

ADVERTISEMENT

ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলতো কৰ’নাই লৈছে ভয়াবহ ৰূপ। ইতিমধ্যে দোতমা অঞ্চলত বহু সংখ্যকলোক আক্রান্ত হোৱাৰ লগতে কেইজনমানৰ মৃত্যুও হৈছে।

দোতমাত আজি মুঠ ৩৩ জন ৰোগীৰ ক’ভিড পৰীক্ষা কৰা হয়। ২৯ জনৰ ৰেপিড এন্টিজেন টেষ্ট আৰু চাৰি জনৰ আৰটিপিচিআৰ টেষ্ট কৰা হয় আৰু তাৰে দুই জনৰ পজিটিভ ধৰা পৰে।

দোতমা স্বাস্থ্য কেন্দ্রৰ উপ অধীক্ষক ডক্টৰ বলোৰাম বৰ্মনে দোতমা অঞ্চলৰ ৰাইজক ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় লগতে সামাজিক দুৰত্ব বজাই ৰখা, মাক্স পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কয় আৰু অনাহকত বাহিৰলৈ ওলাই নাহিবলৈ ৰাইজক আহ্বান জনায়।

Exit mobile version