বিশ্বত কৰ’না ভাইৰাছ বিয়পােৱাৰ বাবে পুৰস্কাৰ উহান ইনষ্টিটিউটক !

2021 05 27T185606Z 186857166 RC2ION99G44H RTRMADP 3 HEALTH CORONAVIRUS USA ORIGINS 1622179187084 1622179301163

চীনৰ উহানত থকা উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিয়ে কৰ’নাৰ সংক্ৰমণৰ আৰম্ভণিৰে পৰা বিশ্বজুৰি বিশেষ চর্চা লাভ কৰি আহিছে। ক’ভিড বিতর্কত শীৰ্ষত আছে ভাইৰাছক লৈ গৱেষণা চলােৱা চীনৰ এইটো প্রতিষ্ঠান।

আমেৰিকাসহ বিশ্বৰ একাধিক দেশে অভিযােগ কৰি আহিছে যে চীনৰ উহান চহৰত থকা এই উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ পৰাই প্রথম কৰ’না ভাইৰাছৰ সংক্রমণ হৈছিল। অৱশ্যে চীনে আৰম্ভণিৰে পৰা এই অভিযােগ অস্বীকাৰ কৰি আহিছে।

এনে এটি বিতর্কিত গৱেষণাগাৰক বিজ্ঞানজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশখনৰ সর্বোচ্চ সম্মান আগবঢ়ালে চীনে। ২০২১ বৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিত অসাধাৰণ অৱদানৰ বাবে উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিক নির্বাচন কৰিলে চাইনিজ একাডেমী অৱ ছায়েন্সে।

বৃহস্পতিবাৰে প্রতিষ্ঠানটোৰ ফালৰ পৰা এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, ক’ভিড-১৯ৰ প্ৰতিৰােধত বিস্তাৰিত আৰু শৃংখলাবদ্ধভাৱে চলােৱা গৱেষণামূলক কাম-কাজৰ বাবে উহান ইনষ্টিটিউট অৱ ভাইৰ’লজি গৱেষণাৰ এই স্বীকৃতি প্রদান কৰা হ’ল।

কেৱল প্রতিষ্ঠানটোকে নহয়,বিশেষভাৱে সন্মানিত কৰা হ’ল এই প্রতিষ্ঠানৰ মুৰব্বী ছি ঝেংলিক। উল্লেখ্য যে চীনত গৱেষক ঝেংলিক ‘বেট’মেন’ অর্থাৎ বাদুলী মানৱী বুলিও অভিহিত কৰা হয়। বিশ্বৰ বহু বিজ্ঞানীৰ বিশ্বাস অনুসৰি, ঝেংলিৰ উক্ত গৱেষণাগাৰৰ পৰাই কেনেবাকৈ ক’ভিড-১৯ৰ ভাইৰাছ বিয়পি পৰিছিল।

অৱশ্যে গৱেষক ঝেংলিয়ে এই ধৰণৰ অভিযােগ অস্বীকাৰ কৰি কয়, ‘কিদৰে প্রমাণ দিম? যি বিষয়ৰ কোনাে প্রমাণ থাকিব নােৱাৰে, সমগ্র বিশ্ব ঘূৰিলেও ইয়াৰ প্ৰমাণ ক’ৰ পৰা লাভ কৰিব? উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ দৰে বিতর্কিত বিজ্ঞানাগাৰক ক’ভিড প্ৰতিৰােধৰ সাফল্যৰ বাবে চীনে স্বীকৃতি প্রদান কৰাৰ সময়তে সমগ্র বিশ্বই কৰনাৰ ‘ডেল্টা প্ৰজাতিৰ নতুন সংক্রমণক লৈ আতংকিত হৈছে।

বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই ‘ডেল্টা’ প্রজাতিৰ সংক্ৰমণৰ সন্দৰ্ভত এক প্রতিবেদনত বিশ্বক সকীয়নি দি কয় যে ক’ভিডৰ এই প্রজাতিৰ ভাইৰাছ। হৈছে সর্বাধিক সংক্রমক আৰু প্রাণঘাতক। দুর্বল শৰীৰত এই প্রজাতিৰ ভাইৰাছৰ সংক্ৰমণৰ পৰিণতি অতি ভয়াৱহ হ’ব পাৰে বুলিও বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী পৰিস্থিতি বিষয়ক বিভাগৰ মুৰব্বী মাইক ৰায়ানে ‘ডেল্টা ‘প্ৰজাতিৰ ভয়াৱহতাৰ কথা অৱগত কৰি কয়, ‘যিসকল লােকৰ শৰীৰ কোনাে ৰােগত দুর্বল হৈ আছে, তেনে ব্যক্তি ‘ডেল্টা ভাইৰাছত আক্রান্ত হলে অধিক অসুস্থ হ’ব। চিকিৎসালয়ত ভর্তি হ’ব লাগিব।

তদুপৰি আন ব্যক্তিৰ তুলনাত ‘ডেল্টা’ত আক্রান্ত এনে ৰােগীৰ মৃত্যুৰ শংকাও অধিক হয়। ৰায়ানে শাৰীৰিকভাৱে দুর্বল আৰু অন্যান্য ৰােগত আক্রান্ত ব্যক্তিসকলৰ দ্রুত টিকাকৰণ কৰিবলৈকো পৰামর্শ দিয়ে। ইফালে, আমেৰিকাৰ শীর্ষস্থানীয় সংক্রামক ৰােগ বিশেষজ্ঞ এন্টনী ফাউচিয়েও ‘ডেল্টা ‘প্ৰজাতিৰ সন্দৰ্ভত আতংক প্রকাশ কৰিলে। এখন সংবাদমেলত ফউচিয়ে কয়, এই প্রজাতিৰ ক’ভিডৰ সংক্রমণ ক্ষমতা অসম্ভৱ বেছি।

Exit mobile version