উড়ন্ত চাকি বা ‘আনআইডেন্টিফাইড ফ্লাইং অৱজেক্ট’ (ইউএফঅ’) সম্পর্কে বিগত কে’বাটাও দশক ধৰি মানুহৰ মাজত চর্চা চলি আহিছে। বিভিন্ন সময়ত উড়ন্ত চাকি দেখা পােৱা বুলি বিভিন্ন জনে দাবী কৰিলেও ইয়াৰ কোনাে নির্দিষ্ট প্রমাণ আজি পর্যন্ত কোনেও দিব পৰা নাই।
অৱশ্যে ইউএফঅ’ৰ ধাৰণাটোক কেন্দ্ৰ কৰি ইতিমধ্যেই হলিউদ-বলিউদত বহু ছবি নির্মাণ হৈছে। ইমান দিনে এই উড়ন্ত চাকিৰ বিষয়টো মানুহৰ কল্পনাপ্রসূত বুলিয়েই বিজ্ঞানীসকলে দাবী কৰি আহিছিল।
অৱশ্যে শেহতীয়াকৈ উড়ন্ত চাকি বিষয়টো কল্পনাৰ সৃষ্টি বুলি উৰুৱাই দিয়াৰ পৰিৱর্তে গুৰুত্ব আৰােপ কৰিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। সেইবােৰ আচলতে কিবা বস্তু নে মানুহৰহে কল্পনা, সেই বিষয়ত এইবাৰ বিজ্ঞানভিত্তিক অনুসন্ধান নাছাই আৰম্ভ কৰিব।
এই বিষয়ত আমেৰিকান কংগ্রেছতাে বিষয়টো উত্থাপিত হােৱাৰ পাছতে নাছায়াে গুৰুত্ব আৰােপ কৰে। ইয়াৰ বিজ্ঞানভিত্তিক অনুসন্ধান চলাবলৈ নাছাৰ বিজ্ঞানীসকলক নির্দেশ দিছে সংস্থাটোৰ মুৰব্বী বিল নেলছনে। যােৱা মাহত নাছাৰ মুৰব্বীৰ দায়িত্ব গ্রহণ কৰা নেলছনে কয়, ‘দায়িত্ব লােৱাৰ পাছত মই নাছাৰ বিজ্ঞানীসকলক কৈছাে যে ইউএফঅ’ আচলতে কি বস্তু, সেয়া বৈজ্ঞানিকভাৱে জনা আৰু বুজাৰ চেষ্টা কৰা হওক।
নামক বিজ্ঞানভিত্তিক অনুসন্ধানত। যাতে এই বস্তুটোৰ সম্পর্কে আমাৰ সকলােৰে সন্দেহ দূৰ হয়। নাছাৰ প্ৰধানে লগতে কয়, ‘আমি সকলােৱেই বাস্তৱটো জানিব বিচাৰাে। এই সন্দৰ্ভত সকলাে ধৰণৰ সন্দেহ, সংশয়, ৰটনা দূৰ হােৱাটেই বিচাৰাে। বিজ্ঞানৰ দৃষ্টিকোণেৰে বিষয়টো সম্পর্কে সকলােৰে মনত ধাৰণাৰ সৃষ্টি হওক।’ উল্লেখ্য যে কে’বা দশক ধৰিয়েই ইউঅফঅ’ক কেন্দ্ৰ কৰি চর্চা চলি আহিছে।
বিগত দুটা দশকত এই চর্চা বেছি হােৱা পৰিলক্ষিত হৈছে। আমেৰিকাৰ নৌ আৰু বিমান বাহিনীৰ পাইলটসকলে বিভিন্ন সময়ত আকাশত নানা ধৰণৰ উড়ন্ত চাকি দেখা বুলি দাবী কৰি আহিছে। সেইবােৰৰ ফটোও সংগ্রহ কৰা বুলিও তেওঁলােকে দাবী কৰিছে।
তথাপি বিজ্ঞানী মহলৰ একাংশই সেই দাবীক ইমান দিনে বিশেষ গুৰুত্ব দিয়া নাছিল। নাছায়াে কোনাে অনুসন্ধান চলােৱা নাছিল। কিন্তু সম্প্রতি আমেৰিকান কংগ্ৰেছৰ তৰফৰ পৰা এই বিষয়ত থকা ‘আনক্লাছিকেল ফাইলসমূহ দাখিল কৰিবলৈ পেন্টাগনক প্রশাসনিক নির্দেশ দিয়া হৈছে। চলিত মাহৰ শেষলৈ সেইবােৰ আমেৰিকাৰ কংগ্ৰেছত জমা পৰিব। এনে পৰিস্থিতিত নাছাৰ মুৰব্বীৰ নির্দেশাে যথেষ্ট ইংগিতবহ বুলি গণ্য কৰা হৈছে।






























